
যোৰহাট, ২৭ অক্টোবৰ (হি.স.): ৰাজ্য খনৰ জুবিন অনুৰাগী সকলে প্ৰাণৰ শিল্পী গৰাকীৰ মৃত্য়ুৰ ন্যায় বিচাৰি দিনৰাতি একাকাৰ কৰি আছে। তেনে সময়তে এগৰাকী দায়িত্বশীল মন্ত্ৰীয়ে জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত কৰা কেতবোৰ মন্তব্যই বিশেষ চৰ্চা লাভ কৰিছে।জুবিন গাৰ্গৰ একালৰ অন্তৰংগ বন্ধু কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাঘেৰিটাই একাংশ সস্তীয়া জনপ্ৰিয়তা বিছাৰি জুবিন ক্ষেত্ৰত চৰকাৰৰ এছ অ পিৰ ক্ষেত্ৰত জনসাধাৰণক বিপথে পৰিচালিত কৰিব বিছাৰিছে বুলি মন্তব্য় কৰিছে।
তিতাবৰত উপস্থিত হোৱা কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাঘেৰিটাই জুবিন ক্ষেত্ৰৰ এছ অ’ পি সম্পৰ্কত সোধা প্ৰশ্নৰ উত্তৰত কয় যে জুবিন ক্ষেত্ৰৰ এছ অ পিক লৈ সাধাৰণ মানুহৰ আপত্তি নাই। এছ অ পি চৰকাৰে দিছে আৰু চৰকাৰ হ'ল ৰাইজৰ চৰকাৰ। কিন্তু একাংশ সস্তীয়া জনপ্ৰিয়তা বিচাৰি চৰকাৰৰ এছ অ’ পিৰ ক্ষেত্ৰত জনসাধাৰণক বিপথে পৰিচালিত কৰিব বিচাৰিছে। তেওঁ কয় যে জুবিন গাৰ্গৰ সন্দেহজনক মৃত্যুৰ ক্ষেত্ৰত তদন্তকাৰী সংস্থাই কি কি অগ্ৰগতি লাভ কৰিছে সেইকথা ৰাজহুৱাকৈ প্ৰকাশ কৰি থকাৰ কোনো চৰকাৰী নিয়ম নাই।
ইফালে জুবিন গাৰ্গৰ তদন্তৰ বৰ্তমানলৈকে আৰু কি অগ্ৰগতি অথবা কি পৰ্যায়ত আছে সেই প্ৰশ্নৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী গৰাকী এৰাই চলিব বিচাৰে। ইফালে তদন্তকাৰী সংস্থাই চাৰ্জশ্বীট দাখিল কৰাৰ পাছতেই ন্যায় বিচাৰি মুখ্য়মন্ত্ৰীয়ে ৰাজপথলৈ ওলাব বুলি কোৱা কথাটো আজিলৈকে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে শুনা নাই অথবা চৰকাৰৰ মানুহে ৰাজপথলৈ ওলাই অহা দেখা নাই বুলি উল্লেখ কৰি আঁতৰি যায়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ