
ধুবুৰী, ২৭ অক্টোবৰ (হি.স.): ধুবুৰী পৰা হাটশিঙিমাৰী লৈ যোৱা যাত্ৰীবাহী ফেৰীত জব্দ কৰা হয় নিচাজাতীয় দ্ৰব্য। ফেৰী খনৰ পৰা যোৱা কালি দেওবাৰে বিয়লি জব্দ কৰা হয় নিচাজাতীয় কফ্ ছিৰাপ।
ধুবুৰীৰ বংশীচৰ সীমান্ত সুৰক্ষা বাহিনী (বিএছএফ)ৰ এছআই যশৱন্ত সিং গৌৰ আৰু মূখ্য কনষ্টিবল ৰবিন্দ্ৰ সিঙৰ নেতৃত্বত এক গোপন খবৰৰ অনুসন্ধানত অভিযান চলাই জব্দ কৰে নিচাজাতীয় দ্ৰব্য। কোনো অচিনাক্ত ব্যাক্তিয়ে ফেৰী খনত ভিতৰত এখন বেগত নিচা জাতীয় দ্ৰৱ্য ৰাখি থৈ যায় ।
জব্দ কৰা নিচা জাতীয় দ্ৰৱ্য খিনি হৈছে এছকাফ ছিৰাপ (Eskuf Syrup) । জব্দ কৰা ছিৰাফৰ পৰিমাণ আছিল ১২৫ টা । নিচাজাতীয় দ্ৰব্য সৰবৰাহকাৰীয়ে সীমান্ত সুৰক্ষা বাহিনীৰ উমান পাই আগতে পলায়ন কৰে । বিএছএফে জব্দ কৰা সামগ্ৰী খিনি সংশ্লিষ্ট বিভাগৰ হাতত গতাই দিয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ