
কোকৰাঝাৰ, ২৭ অক্টোবৰ (হি.স.)। কোকৰাঝাৰ চহৰৰ দুটাকৈ কালী মন্দিৰত নিশা সংঘটিত হই চুৰি কাণ্ড। চহৰখনৰ পাথৰঘাট আৰু বিধানপল্লী কালী মন্দিৰত চোৰৰ চাফাই অভিযান। পাথৰঘাট কালী মন্দিৰস্থিত মা কালীৰ প্ৰতিমাৰ পৰা লুটি নিলে সোণ,ৰুপৰ দুডালকৈ মূল্যবান চেইন,দুভৰিৰ নূপুৰ আদি৷ ঘটনাস্থলীত উপস্থিত হৈ ইতিমধ্যে কোকৰাঝাৰ আৰক্ষীয়ে চুৰি কাণ্ড সন্দৰ্ভত প্ৰাথমিক তদন্ত আৰম্ভ কৰাৰ লগতে চুৰি কাণ্ডৰ সৈতে জড়িতক কৰায়ক্ত কৰাৰ বাবে অভিযানত নামি পৰিছে৷
উল্লেখ্য যে পাথৰঘাট কালী মন্দিৰৰ পৰা চোৰৰ গেংটোৱে প্ৰায় তিনি লাখ টকাৰ সা-সামগ্ৰী লুট কৰি নিয়ে যদিও বিধানপল্লী কালী মন্দিৰৰ পৰা বিশেষ সা-সামগ্ৰী নিবলৈ সক্ষম নহ’ল যদিও চহৰ খনত প্ৰায়েই সংঘটিত চুৰি কাণ্ড ৰোধ কৰিবলৈ উচিত পদক্ষেপ লবলৈ প্ৰশাসনৰ ওচৰত সচেতন নাগৰিক সকলে আহ্বান জনাইছে৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা