
গুৱাহাটী, ২৭ অক্টোবৰ (হি.স.)। মহানগৰীৰ খানাপাৰাত উদ্ধাৰ হৈছে এজন যুৱকৰ মৃতদেহ। খানাপাৰাৰ উৰণসেতুৰ সমীপতে উদ্ধাৰ হৈছে যুৱকজনৰ মৃতদেহ। স্থানীয় ৰাইজে পুৱা মৃতদেহটো প্ৰত্যক্ষ কৰি লগে লগে আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ এই ঘটনাৰ প্ৰাথমিক অনুসন্ধান আৰম্ভ কৰিছে।
উল্লেখ্য যে মৃত যুৱকজনৰ ডিঙিত আছে জুবিন গাৰ্গ ক্ষেত্ৰৰ স্বেচ্ছাসেৱকৰ পৰিচয় পত্ৰ। স্থানীয় লোকে সন্দেহ কৰা অনুসৰি যুৱকজনক কোনো দুৰ্বিত্তই হত্যা কৰি তাত পেলায় থৈ গৈছে আৰু ঘটনাক অন্য ৰূপ দিয়াৰ চেষ্টা কৰিছে। ইফালে সেই স্থানতে বহু অসামাজিক কাম, সুৰা, ড্ৰাগছ, ভাঙৰ আড্ডা বুলিও স্থানীয় সচেতন ৰাইজৰ অভিযোগ। পিন্ধনত এডা হাফ পেন্ট আৰু ছাৰ্ট পৰিহিত যুৱকজনৰ আনুমানিক বয়স ৩০ বছৰ মান হব। যুৱকজনৰ মৃতদেহৰ কাষত এখন ৫০ টকাৰ নোটো উদ্ধাৰ হৈছে। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে যুৱকজনৰ পৰিচয় বিচাৰি তদন্ত আগবঢ়াই নিছে।
এইখিনিতে উল্লেখ কৰিব পাৰি যে বিগত ৫ দিনৰ ভিতৰত মহানগৰীত চাৰিটাকৈ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনা সংঘটিত হৈছে। যোৱাকালিও মহানগৰীৰ সমীপৱৰ্তী মালয়বাৰীত এজন যুৱকৰ চিপ লৈ থকা মৃতদেহ উদ্ধাৰ হৈছিল। মহানগৰীৰ ৰুক্মিনীগাওঁতো উদ্ধাৰ হৈছিল এজন যুৱকৰ উৱলি যোৱা মৃতদেহ। ইয়াৰ এদিন পূৰ্বে মহানগৰীৰ হাতীগাওঁৰ লখিমীনগৰত উদ্ধাৰ হৈছিল এগৰাকী যুৱতীৰ মৃতদেহ। এনবোৰ ঘটনাই পুনৰ এবাৰ প্ৰমাণ কৰিলে যে ৰাজ্যৰ ৰাজধানী চহৰখন যেন এতিয়া অপৰাধীৰ ৰম্যভূমিত পৰিণত হৈছে। ড্ৰাগছ, চিলনী চোৰ, ঠগ প্ৰৱঞ্চক তথা হত্যাকাৰীৰ ৰম্যভূমিত যেন পৰিণত হৈছে মহানগৰীখন। এই ক্ষেত্ৰত আৰক্ষী পূৰ্বতকৈ আৰু অধিক সক্ৰিয়তাৰে কাম কৰাৰ লগতে মহানগৰবাসীয়েও এই অপৰাধ ৰোধৰ ক্ষেত্ৰত সজাগ হৈ থাকিব লাগিব বুলিও সচেতন মহলে মন্তব্য কৰে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী