
কুৱেটা (বেলুচিস্তান), ২৭ অক্টোবৰ (হি.স.): বেলুচ লিবাৰেচন আৰ্মী (বিএলএ)ৰ আক্ৰমণত পাকিস্তান সেনাৰ তিনিজন জোৱান নিহত হৈছে। দেওবাৰে বিএলএয়ে কালাট আৰু কেচৰ বিভিন্ন স্থানত থকা সেনা ঘাটিত আইইডি আক্ৰমণ সংঘটিত কৰে। ইফালে, প্ৰদেশখনৰ বাসিন্দাসকলে বলপূৰ্বকভাৱে নিৰুদ্দেশ কৰা সাধাৰণ নাগৰিকক মুকলি কৰি দিবলৈ দাবী জনাইছে।
দ্য বেলুচিস্তান পোষ্ট (পাষ্টো ভাষা)ৰ মতে, বেলুচ লিবাৰেচন আৰ্মীৰ মুখপাত্ৰ জৈন্দ বালোচে এক সংবাদ মাধ্যমৰ বিবৃতিত কয় যে তেওঁৰ যোদ্ধাসকলে কালাট আৰু কেচত পাকিস্তানী বাহিনীক লক্ষ্য কৰি লৈছিল। কালাটৰ গ্ৰেপ অঞ্চলত ৰিম’ট কণ্ট্ৰ’লড আই ই ডি আক্ৰমণ সংঘটিত হয়। এই বিস্ফোৰণত থিতাতে দুজন জোৱান নিহত হোৱাৰ লগতে এজন আহত হয়।
তেওঁ জনোৱা মতে, আগদিনা বেলুচ লিবাৰেচন আৰ্মীৰ অধিনায়কসকলে তেওঁলোকৰ বোমা নিষ্কাশন ইউনিটৰ সৈতে কেচৰ গুৰকপ অঞ্চলত মিয়ানি ক্লাগ দখল কৰিবলৈ অহা পাকিস্তানী সেনাৰ কনভয়ক আক্ৰমণ কৰে। এই আক্ৰমণত এজন সেনা বিষয়া থিতাতে নিহত হয় আৰু আন এজন গুৰুতৰভাৱে আহত হয়।
ইফালে কেচ অঞ্চলৰ নিৰুদ্দেশ হোৱা যুৱক কেইজনৰ পৰিয়ালে প্ৰতিবাদ সাব্যস্ত কৰিছে। পাকিস্তানী সেনাই যুৱককেইজনক লৈ গৈছে বুলি পৰিয়ালকেইটাই কয়।
নিৰুদ্দেশ হোৱা যুৱক কেইজনৰ ভিতৰত আছে উছমানৰ পুত্ৰ ফহাদ, মহম্মদ জানৰ পুত্ৰ হাৰুণ আৰু মহম্মদ জানৰ পুত্ৰ হামুদ।
हिन्दुस्थान समाचार / অৰৱিন্দ