বোকাখাতত বিদ্যুৎপৃষ্ঠ হৈ দুজন বিদ্যুৎকৰ্মী গুৰুতৰভাৱে আহত
গোলাঘাট, ২৭ অক্টোবৰ (হি.স.)। গোলাঘাট জিলাৰ বোকাখাতত বিদ্যুৎপৃষ্ঠ হৈ দুজন বিদ্যুৎকৰ্মী গুৰুতৰভাৱে আহত হয় ৷ বোকাখাতৰ কুৰুৱাবাহী পৰঙণীয়াত বিদ্যুৎ লাইনৰ কাম কৰি থকা অৱস্থাতেই এই অঘটন সংঘটিত হৈছে ৷ মেৰামতিৰ কাম কৰি থকা অৱস্থাতে হঠাৎ বিদ্যুৎ পৰিবাঁহী হ
বোকাখাতত বিদ্যুৎপৃষ্ঠ হৈ দুজন বিদ্যুৎকৰ্মী গুৰুতৰভাৱে আহত


গোলাঘাট, ২৭ অক্টোবৰ (হি.স.)। গোলাঘাট জিলাৰ বোকাখাতত বিদ্যুৎপৃষ্ঠ হৈ দুজন বিদ্যুৎকৰ্মী গুৰুতৰভাৱে আহত হয় ৷ বোকাখাতৰ কুৰুৱাবাহী পৰঙণীয়াত বিদ্যুৎ লাইনৰ কাম কৰি থকা অৱস্থাতেই এই অঘটন সংঘটিত হৈছে ৷ মেৰামতিৰ কাম কৰি থকা অৱস্থাতে হঠাৎ বিদ্যুৎ পৰিবাঁহী হৈ আহত হয় বিদ্যুৎকৰ্মী দ্বয়। আহত কৰ্মীদ্বয়ৰ নাম বিজয় চোৰেণ (৩১) আৰু অমিত চাওতাল (১৯) বুলি জানিব পৰা গৈছে ৷

আহত দুয়োকে ততাতৈয়াকৈ বোকাখাতৰ শ্বহীদ কমলা মিৰি মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ চিকিৎসালয়ত প্ৰাথমিক চিকিৎসাৰ অন্তত উন্নত চিকিৎসাৰ বাবে জেএমচিএইচলৈ দুয়োকে প্ৰেৰণ কৰা হয় ৷ ইয়াৰে ভিতৰত আহত অমিত চাওতালৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ৷ মেৰামতিৰ কাম কৰি থকা অৱস্থাতে হঠাৎ বিদ্যুৎ সংযোগ কৰাৰ ঘটনাটো বিভাগীয় চূড়ান্ত অৱহেলাৰ নিদৰ্শন বুলি সচেতন মহলে ব্য়ক্ত কৰিছে।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande