
ইছলামাবাদ, ২৭ অক্টোবৰ (হি.স.)। পাকিস্তানী নিৰাপত্তা বাহিনীয়ে ২৪ আৰু ২৫ অক্টোবৰত আফগানিস্তানৰ পৰা খৈবাৰ পখতুনখোৱা প্ৰদেশত সন্ত্ৰাসবাদী অনুপ্ৰৱেশৰ দুটা প্ৰচেষ্টা বিফল কৰে। প্ৰদেশখনৰ উত্তৰ ৱাৰিস্তান আৰু কুৰ্ৰাম জিলাত পৃথক পৃথক অভিযানত তেহৰিক-ই-তালিবান পাকিস্তানৰ চাৰিজন আত্মঘাতী বোমাৰুকে ধৰি ২৫ জন যোদ্ধা নিহত হয় । এই অভিযানত ৫জন নিৰাপত্তাৰক্ষী নিহত হোৱা বুলি দেওবাৰে সেনাৰ সংবাদ মাধ্যমৰ শাখা আন্তঃসেৱা জনসংযোগ চমুকৈ আই এছ পি আৰৰ তৰফৰ পৰা সদৰি কৰা হৈছে।
ডন কাকতত প্ৰকাশিত এক বাতৰি অনুসৰি আই এছ পি আৰৰ এই অভিযান সমাপ্ত হোৱাৰ পিছত নিৰাপত্তা বাহিনীয়ে অস্ত্ৰ-শস্ত্ৰ আৰু বিস্ফোৰক সামগ্ৰীৰ বৃহৎ ভঁৰাল উদ্ধাৰ কৰে। ২৪ আৰু ২৫ অক্টোবৰত কুৰ্ৰাম জিলাৰ গাকী আৰু উত্তৰ ৱাজিৰিষ্টান জিলাৰ স্পিনৱামৰ ওচৰত আফগানিস্তানৰ পৰা পাকিস্তানত অনুপ্ৰৱেশ কৰিবলৈ চেষ্টা কৰা দুটা বৃহৎ গোটৰ গতিবিধি নিৰাপত্তা বাহিনীয়ে ধৰা পেলাইছিল। স্পিনৱামত নিৰাপত্তা বাহিনীয়ে চাৰিটা আত্মঘাতী বোমাৰুকে ধৰি ১৫টা যোদ্ধাক নিহত কৰে। ইফালে গাকীত দহজন যোদ্ধা নিহত হয়।
আই এছ পি আৰৰ এক বিবৃতি অনুসৰি এই এনকাউণ্টাৰত পাঁচজন জোৱান— হাবিলদাৰ মনজুৰ হুছেইন (৩৫), চিপাহী নৌমান ইলিয়াছ কিয়ানী (২৩), চিপাহী মহম্মদ আদিল (২৪), চিপাহী শ্বাহজাহান (২৫), আৰু চিপাহী আলী আছঘৰ (২৫)— নিহত হয়। ৰাষ্ট্ৰপতি আছিফ জাৰ্দাৰীয়ে সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশ ৰোধ কৰাৰ ক্ষেত্ৰত নিৰাপত্তাৰক্ষীৰ সাহসক প্ৰশংসা কৰে। ৰাজ্যিক সম্প্ৰচাৰক ৰেডিঅ’ পাকিস্তানৰ তথ্য অনুসৰি প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফেও পাঁচজন জোৱানলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
हिन्दुस्थान समाचार / অৰৱিন্দ