
নতুন দিল্লী, ২৭ অক্টোবৰ (হি.স.)। কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী তথা ভাৰতীয় জনতা পাৰ্টিৰ শীৰ্ষ নেতা অমিত শ্বাহে আজি দেশৰ বিত্তীয় ৰাজধানী মুম্বাইত দলীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিব। এই উপলক্ষে মহাৰাষ্ট্ৰ বিজেপিৰ নতুন কাৰ্যালয়ৰ আধাৰশিলা স্থাপন কৰা হ’ব। এই তথ্য বিজেপিয়ে নিজৰ এক্স হেণ্ডেলত শ্বেয়াৰ কৰিছে।
বিজেপিৰ এক্স হেণ্ডেল পোষ্ট অনুসৰি অমিত শ্বাহ দিনৰ ১:১৫ বজাত ঐতিহাসিক চাৰ্চ গেটৰ সমীপৰ ৯ নং ব্লকত উপস্থিত হ’ব। তেওঁ ইয়াৰ বাছানী চেম্বাৰত মহাৰাষ্ট্ৰ বিজেপিৰ নতুন কাৰ্যালয়ৰ ভূমি পূজন কৰি নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰিব।
উল্লেখযোগ্য যে বিগত বৰ্ষৰ ২৪ আগষ্টত দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাই গোৱাৰ পানাজীত বিজেপিৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰকাশ কৰা ভিডিঅ’ বাৰ্তাত সংগঠনটোৱে দেশজুৰি ৭৬৮টা দলীয় কাৰ্যালয় খোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰা বুলি উল্লেখ কৰিছিল।
মন কৰিবলগীয়া যে ইয়াৰে ৫৬৩টা কাৰ্যালয়ৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈছে। ৯৬টা কাৰ্যালয়ৰ কাম চলি আছে। এইসমূহৰ নিৰ্মাণো অতি সোনকালে সম্পূৰ্ণ হ’ব। প্ৰতিখন জিলাতে কাৰ্যালয় খোলাৰ লগতে ৰাজ্যৰ ৰাজধানীত এটা মুখ্য কাৰ্যালয় খোলাৰ লক্ষ্য লৈছে দলটোৱে।
हिन्दुस्थान समाचार / অৰৱিন্দ