
ইটানগৰ, ২৬ অক্টোবৰ (হি.স.)। অৰুণাচল প্ৰদেশ আৰক্ষী আৰু অসম ৰাইফলছৰ যৌথ অভিযানৰ ফলত দেওবাৰে পুৱা অৰুণাচল প্ৰদেশৰ নামছাইত আলফা স্বাধীনৰ এজন কেডাৰক গ্ৰেপ্তাৰ কৰা হয়।
ধৃত কেডাৰজন অসমৰ তিনিচুকীয়া জিলাৰ বাৰেকুৰিৰ বাসিন্দা অনুপম দোহোতিয়া ওৰফে থাউচেন আছাম বুলি জানিব পৰা গৈছে। বিষয়াসকলে জনোৱা মতে, ১৭ অক্টোবৰত অসমৰ তিনিচুকীয়া জিলাৰ কাকপথাৰ সেনা শিবিৰত শেহতীয়াকৈ সংঘটিত হোৱা আক্ৰমণৰ সৈতে জড়িত আলফা (আই)ৰ অন্যতম গুৰুত্বপূৰ্ণ কেডাৰ আছিল গ্ৰেপ্তাৰ হোৱা আলফা (আই) কেডাৰজন।
নিৰাপত্তা বাহিনীয়ে তেওঁৰ পৰা এটা এম কিউ ৰাইফল, ১৫১ ৰাউণ্ড সজীৱ গুলী, এটা বটল গ্ৰেনেড, আৰু এটা ৰাইফল গ্ৰেনেডকে ধৰি এক বৃহৎ অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ উদ্ধাৰ কৰে।
ধৃত উগ্ৰপন্থীজনক সম্প্ৰতি নামছাই আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে যাতে উগ্ৰপন্থী সংগঠনটোৰ অঞ্চলটোৰ সৈতে সম্ভাৱ্য সম্পৰ্ক আৰু ভৱিষ্যতৰ পৰিকল্পনা নিৰ্ণয় কৰিব পৰা যায়।
অসম-অৰুণাচল সীমান্তত উগ্ৰপন্থী কাৰ্যকলাপ ৰোধৰ বাবে চলি থকা প্ৰচেষ্টাত বিষয়াসকলে এই অভিযানক “কৌশলগত সফলতা” বুলি অভিহিত কৰিছে।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ