নাজিৰা ৰাজপথত বৰকাছ উদ্ধাৰ
শিৱসাগৰ, ২৬ অক্টোবৰ (হি.স.)। নাজিৰা সমীপৰ চেৰেকাপাৰ বগৰীতলত যোৱা নিশা ৰাজপথত উদ্ধাৰ হয় বৰকাছ । জনা মতে বিশ্বজিৎ বৰঠাকুৰ সহ কেইজনমান ব্যক্তিয়ে শিৱসাগৰৰ পৰা গাড়ীত আহি থকা অৱস্থাত চেৰেকাপাৰ বগৰিতলৰ পথৰ মাজত বৰকাছ জনী দেখা পাই গাড়ী ৰখাই স্থানীয় আ
নাজিৰা ৰাজপথত বৰকাছ উদ্ধাৰ


শিৱসাগৰ, ২৬ অক্টোবৰ (হি.স.)। নাজিৰা সমীপৰ চেৰেকাপাৰ বগৰীতলত যোৱা নিশা ৰাজপথত উদ্ধাৰ হয় বৰকাছ । জনা মতে বিশ্বজিৎ বৰঠাকুৰ সহ কেইজনমান ব্যক্তিয়ে শিৱসাগৰৰ পৰা গাড়ীত আহি থকা অৱস্থাত চেৰেকাপাৰ বগৰিতলৰ পথৰ মাজত বৰকাছ জনী দেখা পাই গাড়ী ৰখাই স্থানীয় আৰক্ষী চকীত খবৰ দিয়ে ।

লগে লগে চেৰেকাপাৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সহ আৰক্ষী দলৰ লগতে স্থানীয় পাৰ্থ কোঁৱৰ, বিষ্ণু চেতিয়া , আৰু পলাশ গগৈ যথা স্থানত উপস্থিত হৈ বৰকাছজনী উদ্ধাৰ কৰি ঐতিহাসিক ধোৱা পুখুৰীত মুকলি কৰি দিয়ে । অঞ্চলটোত থকা খাল,বিল ,পুখুৰীৰ পৰা সঘনে কাছ সমূহ ৰাজ পথলৈ উঠি আহি যান বাহনৰ চলাচলত ব্য়াঘাট জন্মায়

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande