লাংহিনত আদিবাসী ছাত্ৰ সন্থাৰ কাৰ্বি আংলং জিলা সমিতিৰ শপত গ্ৰহণ অনুষ্ঠান
কাৰ্বি আংলং, ২৬ অক্টোবৰ (হি.স.)। সদৌ আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছা''ৰ নতুনকৈ গঠন কৰা কাৰ্বি আংলং জিলা সমিতিৰ বিষয়ববীয়া সকলে আজি জিলা খনৰ লাংহিনত অৱস্থিত সমবায় সমিতিৰ প্ৰেক্ষাগৃহত অনুস্থিত এখন সভাত শপত গ্ৰহণ কৰে আৰু অনুষ্ঠানত আছা''ৰ কেন্দ্ৰীয় স
লাংহিনত আদিবাসী ছাত্ৰ সন্থাৰ কাৰ্বি আংলং জিলা সমিতিৰ শপত গ্ৰহণ অনুষ্ঠান


কাৰ্বি আংলং, ২৬ অক্টোবৰ (হি.স.)। সদৌ আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছা'ৰ নতুনকৈ গঠন কৰা কাৰ্বি আংলং জিলা সমিতিৰ বিষয়ববীয়া সকলে আজি জিলা খনৰ লাংহিনত অৱস্থিত সমবায় সমিতিৰ প্ৰেক্ষাগৃহত অনুস্থিত এখন সভাত শপত গ্ৰহণ কৰে আৰু অনুষ্ঠানত আছা'ৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি গদউইন হেম্বৰম, যুটীয়া সম্পাদক, নাৰায়ণ নাগ, সাংগঠনিক সম্পাদক ৰাহুল খাৰিয়া উপস্থিত থাকি জিলা সমিতিৰ বিষয়ববীয়া সকলক শপত বাক্য পাঠ কৰোৱায় ।

অনুষ্ঠানত কাৰ্বি আংলং জিলা সমিতিৰ নৱ-নিৰ্বাচিত সভাপতি সুনীল দুং দুং, সম্পাদক, মনোজ সূৰ্যবংশী, উপ-সভাপতি ৰাজু গৌড়, যুটীয়া সম্পাদক পৱন কেৰকেতা আৰু প্ৰচাৰ সম্পাদক ৰামছিং কোৱঁৰক জিলা সমিতিৰ দায়িত্ব অৰ্পণ কৰে ।ইয়াৰ উপৰিও ডিফু, হাওৰাঘাট, বকলীয়াঘাট, বোকাজান, ডকমকা, ফুলনি, দেউপানী, ধনশিৰি আৰু নিলিপ আদি অঞ্চলৰ পৰা অহা প্ৰতিনিধি সকলে অনুষ্ঠানত অংশ গ্ৰহণ কৰে ।ইপিনে শপত গ্ৰহণ অনুষ্ঠানৰ অন্তত সাংবাদিকৰ সন্মুখত নেতা সকলে কাৰ্বি আংলং জিলা খনত বসবাস কৰা আদিবাসী ৰাইজৰ হকে সকলো সময়তেই মাত মাতি যাব আৰু কোনো শক্তিৰ সৈতে আপোচ কৰা নহব বুলি মত পোষণ কৰে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande