ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই ছঠ পূজাৰ শুভ ক্ষণত অসমবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰে
গুৱাহাটী, ২৬ অক্টোবৰ(হি.স.)। প্ৰাচীন ভাৰতীয় হিন্দু সভ্যতাৰ সাক্ষ্য বহন কৰা ছঠ পূজাৰ পৱিত্ৰ ক্ষণ উপলক্ষে ভাৰতীয় জনতা পাৰ্টিৰ অসম ৰাজ্যিক শাখাৰ সভাপতি দিলীপ শইকীয়াই অসমবাসীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। শইকীয়াই উল্লেখ কৰে যে ছঠ পূজাৰ সময়ত মহিল
ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই ছঠ পূজাৰ শুভ ক্ষণত অসমবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰে


গুৱাহাটী, ২৬ অক্টোবৰ(হি.স.)। প্ৰাচীন ভাৰতীয় হিন্দু সভ্যতাৰ সাক্ষ্য বহন কৰা ছঠ পূজাৰ পৱিত্ৰ ক্ষণ উপলক্ষে ভাৰতীয় জনতা পাৰ্টিৰ অসম ৰাজ্যিক শাখাৰ সভাপতি দিলীপ শইকীয়াই অসমবাসীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।

শইকীয়াই উল্লেখ কৰে যে ছঠ পূজাৰ সময়ত মহিলা ভক্তসকলে পৰিয়াল আৰু সন্তানৰ সুৰক্ষা, সুস্বাস্থ্য, দীৰ্ঘায়ুৰ বাবে ভগৱান সূৰ্য্য (সূৰ্য্য দেৱতা)ৰ ওচৰত প্ৰাৰ্থনা কৰে। ছঠ উৎসৱে মানুহৰ জীৱনৰ পৰা দুখ, দুৰ্ভাগ্য দূৰ কৰাত সহায় কৰে বুলি বহুলভাৱে বিশ্বাস কৰা হয়। তেওঁ আৰু মন্তব্য কৰে যে ছঠ পূজা কেৱল ধৰ্মীয় অনুষ্ঠান নহয় বৰঞ্চ মাতৃত্ব, মৰম, আৰু সুৰক্ষাৰ গভীৰ উদযাপন ,পৰিয়াল আৰু সম্প্ৰদায়ক একত্ৰিত কৰা গভীৰ আধ্যাত্মিক আৰু আৱেগিক বান্ধোনক মূৰ্ত কৰি তোলা।

হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ


 rajesh pande