
কোলাৰ, ২৬ অক্টোবৰ (হি.স.) ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতবাৰ্ষিকী উদযাপনৰ অংশ হিচাপে আজি কৰ্ণাটকৰ কোলাৰ জিলাৰ মালুৰত এক পথ সঞ্চালনৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। এয়া ৩ বজাৰ পৰা আৰম্ভ হ’ব। আৰু ৬ বজালৈকে চলিব লগা এই পদযাত্ৰা মুঠ ৪ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব। হাজাৰ হাজাৰ সমৱেশ (ইউনিফৰ্ম) পৰিহিত কৰ্মী, ৰাজনৈতিক আৰু সামাজিক কৰ্মীয়ে অংশগ্ৰহণ কৰিব।
নিৰাপত্তাৰ উদ্দেশ্যে ২৫০ জনতকৈ অধিক আৰক্ষী জোৱান নিয়োগ কৰা হৈছে, আৰু কোনো ধৰণৰ অশুভ কাণ্ড ৰোধ কৰিবলৈ কঠোৰ নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। এই পদ সঞ্চালনত অংশগ্ৰহণ কৰিব প্ৰাক্তন বিধায়ক, প্ৰাক্তন সাংসদ, আৰু কেইবাজনো বিশিষ্ট ব্যক্তিয়ে।
हिन्दुस्थान समाचार / Manoj Kumar Saikia