
নতুন দিল্লী, ২৬ অক্টোবৰ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে থাইলেণ্ডৰ ৰাজমাতা মহাৰাণী ছিৰিকিটৰ মৃত্যুত শোক প্ৰকাশ কৰিছে । শোক বাৰ্তাত তেওঁ থাইলেণ্ডৰ জনসাধাৰণৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে।
ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত প্ৰধানমন্ত্ৰীয়ে কয়, থাইলেণ্ডৰ ৰাণী ছিৰিকিটৰ মৃত্যুত মই গভীৰভাৱে ব্যথিত। জনসেৱাৰ প্ৰতি তেওঁৰ আজীৱন সমৰ্পণে প্ৰজন্মক অনুপ্ৰাণিত কৰি থাকিব। এই গভীৰ শোকৰ সময়ত ৰজা, ৰজাঘৰীয়া পৰিয়ালৰ সদস্য, আৰু থাইলেণ্ডৰ জনসাধাৰণৰ প্ৰতি মোৰ আন্তৰিক সমবেদনা জ্ঞাপন কৰিলোঁ।
উল্লেখযোগ্য যে ১৯৫০ চনৰ ২৮ এপ্ৰিলৰ পৰা ২০১৬ চনৰ ১৩ অক্টোবৰলৈকে থাইলেণ্ডৰ মহাৰাণী আছিল ছিৰিকিট। তেওঁ ৰজা ভূমিবল অতুল্যতেজৰ পত্নী আছিল। অতুল্যতেজে ৭০ বছৰ (১৯৪৬-২০১৬) শাসন কৰিছিল। ভূমিবলৰ মৃত্যুৰ পিছত ছিৰিকিত পুত্ৰ ৰজা বাজিৰলংকৰ্ণৰ ৰাজত্বকালত ৰাজমাতা ৰাণী হিচাপে পৰিচিত হয়। তেওঁৰ জীৱনত সভ্যতা, সাংস্কৃতিক পোষকতা আৰু থাই সমাজলৈ উল্লেখযোগ্য অৱদান চিহ্নত কৰে।
हिन्दुस्थान समाचार / অৰৱিন্দ