
তিনিচুকীয়া, ২৬ অক্টোবৰ (হি.স.): ছট পূজা বা ছঠ পূজা এক প্ৰাচীন ভাৰতীয় বৈদিক উৎসৱ। ষঠ পূজা ভাৰতীয় উপমহাদেশৰ বিহাৰ, ঝাৰখণ্ড, ওড়িশা, পশ্চিম বংগৰ লগতে নেপালৰ মধেশ অঞ্চলৰ স্থানীয় উৎসৱ। প্ৰতি বছৰে কাৰ্তিক শুক্ল পক্ষৰ ষষ্ঠী তিথিত ছট বা ছঠ পূজা অনুষ্ঠিত কৰা হয়। সম্প্ৰতি এই উৎসৱ দেশৰ প্ৰতিটো প্ৰান্তত উদযাপন কৰা পৰিলক্ষিত হৈছে। অসমতো ষঠ পূজা ভক্তিভাৱেৰে আয়োজন কৰা হৈছে। ৰাজ্য়খনৰ বিভিন্ন জিলাত হিন্দী ভাষী লোকসকলৰ মাজত ছঠ পূজা উপলক্ষে ব্য়াপক উৎসাহ দেখিবলৈ পোৱা গৈছে।
প্ৰতি বছৰৰ দৰে এই বছৰো তিনিচুকীয়াৰ ভিন্ন প্ৰান্তৰ লগতে হিজুগুৰি মহাদেৱ পথৰ ছট ঘাটত ছট পূজাৰ প্ৰস্তুতি প্ৰায়েই সম্পূৰ্ণ হৈ উঠিছে । হিজুগুৰি মহাদেৱ পথৰ ছট পূজা কমিটিয়ে জানিব দিয়া মতে এইবাৰ ছট পূজাৰ গীতৰ লগতে জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই জুবিন গাৰ্গৰ গীত বাজিব ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ