সংস্কৃতি, প্ৰকৃতি আৰু সমাজৰ গভীৰ ঐক্যৰ প্ৰতীক হৈছে ছঠ মহাপৰ্ৱঃ পি.এম
নতুন দিল্লী, ২৬ অক্টোবৰ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ মাহেকীয়া ৰেডিঅ'' অনুষ্ঠান মন কি বাতত ছঠ উৎসৱৰ তাৎপৰ্যৰ ওপৰত আলোকপাত কৰে। তেওঁ ইয়াক সংস্কৃতি, প্ৰকৃতি আৰু সমাজৰ মাজত থকা গভীৰ ঐক্যৰ প্ৰতীক বুলি অভিহিত কৰে। মন কি বাতৰ ১২৭ সং
मन की बात से जुड़ाप्रतिनिधि चित्र


নতুন দিল্লী, ২৬ অক্টোবৰ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ মাহেকীয়া ৰেডিঅ' অনুষ্ঠান মন কি বাতত ছঠ উৎসৱৰ তাৎপৰ্যৰ ওপৰত আলোকপাত কৰে। তেওঁ ইয়াক সংস্কৃতি, প্ৰকৃতি আৰু সমাজৰ মাজত থকা গভীৰ ঐক্যৰ প্ৰতীক বুলি অভিহিত কৰে।

মন কি বাতৰ ১২৭ সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰীয়ে কয় যে সমাজৰ প্ৰতিটো শ্ৰেণীয়ে ছঠ ঘাটত একেলগে থিয় দিছে, যিয়ে ভাৰতৰ সামাজিক ঐক্যৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰে। সুযোগ পালে দেশবাসীক এই মহোৎসৱত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়। এই উৎসৱ কেৱল ধৰ্মীয় বিশ্বাসৰ প্ৰতীক নহয়, ভাৰতীয় সমাজৰ ঐক্য আৰু সমন্বয়ৰ প্ৰতীক।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande