
দৰং, ২৬ অক্টোবৰ (হি.স.)। ছিপাঝাৰৰ মহলিয়াপাৰাত এক ভয়ানক পথ দুৰ্ঘটনা সংঘটিত হয়। দৰং জিলাৰ ছিপাঝাৰ টংলা সংযোগী পথত সংঘটিত হৈছে উক্ত পথ দুৰ্ঘটনাটো। দুৰ্ঘটনাটোৰ ফলত থিতাতে নিহত এজন মটৰ চাইকেল আৰোহী। নিহত লোকজনক বৰ্তমানলৈ চিনাক্ত কৰিব পৰা হোৱা নাই। অতি ব্য়স্ত পথটোত কোনো ডিভাইডাৰ নথকা বাবে পথ দুৰ্ঘটনা অতি সঘনে সংঘটিত হই বুলি স্থানীয় ৰাইজে অভিযোগ কৰে।
চলিত মাহত আজি কিছু দিন পুৰ্বে উক্ত পথটোত একে ধৰণৰ পথ দুৰ্ঘটনা সংঘটিত হৈছিল। কিন্ত সৌভাগ্য ক্ৰমে কোনো লোক হতাহত হোৱা নাছিল। পথ টোত যানবাহনৰ চলাচল অধিক হোৱা হেতুকে যানবাহন আৰক্ষীৰ দ্বাৰা পথটো পৰিচালনা কৰিবলৈ জিলা আৰক্ষীক ব্য়ৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা