
শিৱসাগৰ, ২৬ অক্টোবৰ (হি.স.)। আজি শিৱসাগৰ ভটীয়াপাৰস্থিত ভাস্কৰজ্যোতি চিত্ৰগৃহত ৰৈ ৰৈ বিনালেৰ টিকট বুকিঙৰ ব্যৱস্থা ।টিকট বুকিং আৰম্ভ কৰাৰ কেইমিনিটমানৰ ভিতৰতে শেষ হ'ল প্ৰথম , দ্বিতীয় দিনৰ সকলো টিকট।প্ৰতিদিনে প্ৰদৰ্শন কৰিব ৰৈ ৰৈ বিনালেৰ পাঁচটাকৈ দৰ্শনী ।
মুঠ ৫০০ খন আসন আছে চলচ্চিত্ৰ গৃহটোত ।ৰৈ ৰৈ বিনালে চাবলৈ দৰ্শকৰ আগমন হৈ থকালৈকে লগোৱা নহয় আন কোনো চলচ্চিত্ৰ ।অন্যহাতে শিৱসাগৰ চহৰত যোৱা মাজৰাতিলৈকে ৰৈ ৰৈ বিনালেৰ বেনাৰ পোষ্টাৰ লগোৱাত ব্যস্ত থকা দেখা গ'ল জুবিন অনুৰাগী সকলক। সমগ্ৰ ৰাজ্যতে এতিয়া জুবিন অনুৰাগীসকলে অনলাইনযোগে চিনেমাখনৰ টিকেট ক্ৰয় কৰিছে।
ইতিমধ্যে গুৱাহাটীৰ লগতে ৰাজ্যৰ বহু হলত এসপ্তাহৰ বাবে টিকট বুকিং শেষ হৈছে। অভিলেখ ভংগ কৰি প্ৰত্যেক হলেই বৃদ্ধি কৰিছে দৰ্শনীৰ সংখ্যা।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ