
মানকাচৰ, ২৬ অক্টোবৰ (হি.স.)। দক্ষিণ শালমাৰা আৰক্ষী থানাৰ অন্তৰ্গত টুমনী কলাবাৰী বজাৰত আজি অনুষ্ঠিত হয় সম্বোৰ্ধনা অনুষ্ঠান। ফুলবাৰী ব্যক্তিগত খণ্ডৰ পলিক্লিনিক স্বাস্থ্যকেন্দ্ৰৰ সত্তাধিকাৰীৰ উদ্যোগত অনুষ্ঠিত সম্বোৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে টুমনী হাইস্কুলৰ প্ৰাক্তন অধ্যক্ষ আব্দুল বাছেৰ ,চিকিৎসক ৰিজাউল ইছলাম,দক্ষিণ শালমাৰা মহাবিদ্যালয়ৰ অধ্যাপক আব্দুল ৰশিদ,সোনালী আদৰ্শ জাতীয় বিদ্যালয়ৰ অধ্যক্ষ কামাল হাছানৰ আৰু অঞ্চলটোৰ প্ৰায় এক শতাধিক ৰাইজৰ উপস্থিতিত পলিক্লিনিকৰ সত্তাধিকাৰীয়ে দক্ষিণ শালমাৰা আৰক্ষী থানাৰ অন্তৰ্গত দৰিদ্ৰ পৰিয়ালৰ পৰা অসম আৰক্ষীৰ নিযুক্তি পৰিক্ষাত সফল অৰ্জন কৰিছে ৯ জনকৈ জোৱানে।
তেওঁলোক ক্ৰমে টুমনী পঞ্চায়তৰ পৰা আশিব আক্তাৰ (ইউ বি),আনছাৰু হক(ইউ বি),ইছমাইল হোছেন(এবি),আশাদুৰ ৰহমান(এবি),পাটাকাটা পঞ্চায়তৰ পৰা হাইদৰ আলী (ইউ বি),আমিনুল ইছলাম(এ বি),মনিৰচৰ পঞ্চায়তৰ পৰা ৰাইজুদ্দিন শেখ (এ বি),দক্ষিণ শালমাৰাৰ পঞ্চায়তৰ পৰা আখিৰুল ইছলাম (এ বি),ওমেদ আলী (এ বি) ক এখনকৈ ফুলাম গামোচাৰে সম্বোৰ্ধনা জনায় আৰু সিহঁতৰ সুভবিষ্যত কামনা কৰে ৷লগতে অসম চৰকাৰে অসম আৰক্ষীৰ নিযুক্তি পৰিক্ষাৰ ফলাফল অতি নিৰপেক্ষ আৰু যোগ্যতাৰ ভিত্তিত হৈছে বুলি সন্তুষ্টি প্ৰকাশ কৰে৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ