
দৰং, ২৬ অক্টোবৰ (হি.স.)। অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ এমাহ পাৰ হোৱাৰ পিচতো জুবিন অনুৰাগী সকলৰ মাজত মৰমৰ শিল্পী গৰাকীক পাহৰিব পৰা নাই ৷ মহান শিল্পী গৰাকীৰ আদৰ্শ জীয়াই ৰাখিবলৈ বিভিন্ন জন অনুৰাগীয়ে বিভিন্ন ধৰণে প্ৰচেষ্টা কৰা পৰিলক্ষিত হৈছে ৷ মঙলদৈৰ ১ নং বেজপাৰা গাওঁৰ ৰাইজে একত্ৰিত হৈ স্থানীয় খেল পথাৰৰ চাৰি দিশে শতাধিক নাহৰ ৰোপণ কৰি মৰমৰ শিল্পী জুবিন গাৰ্গক জীয়াই ৰখাৰ চেষ্টা কৰা পৰিলক্ষিত হ’ল ৷
নাহৰফুল জুবিন গাৰ্গৰ অতি প্ৰিয় আছিল। তেও জিৱীত কালত অনুৰাগী সকলক অধিক মাত্ৰাত নাহৰৰ গছ ৰোপন কৰিবলৈ পৰামৰ্শ আগবঢ়াইছিল। নাহৰৰ ওপৰত তেও এটা জনপ্ৰিয় গীত ৰচনা কৰিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ