
নলবাৰী, ২৬ অক্টোবৰ (হি.স.)। আহা ১ আৰু ২ নবেম্বৰত নলবাৰীত অনুষ্ঠিত হব ১৫তম আন্ত:জিলা চাব- জুনিয়ৰ কাবাডী প্ৰতিযোগিতা ।সাংস্কৃতিক প্ৰকল্প বৰআজাৰা-চান্দকুছিৰ উদ্যোগত তথা অসম কাবাডী সন্থাৰ তত্বাৱধানত আৰু অগ্ৰগতি সংঘ আৰু নলবাৰী জিলা কাবাডী সন্থাৰ সহযোগত অনুষ্ঠিত হব প্ৰতিযোগিতাখনি ।
এক সংবাদ মেল আয়োজন কৰি উদ্যোক্তাই জনাই এই কথা ।আন্ত:জিলা চাব- জুনিয়ৰ কাবাডী প্ৰতিযোগিতাত ৰাজ্য খনৰ ৩০খন জিলা অংশগ্ৰহন কৰিব ।আনহাতে প্ৰথমদিনা অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই অনুষ্ঠিত কৰিব জুবিন গাৰ্গৰ ১১ টি গীতৰ সমাহাৰ ময়াবিনী সন্ধিয়া ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ