
বৰপেটা, ২৬ অক্টোবৰ (হি.স.)। বৰপেটা জিলাৰ সৰভোগ থানাৰ অন্তৰ্গত পূৱ খাটাকুচি গাঁওৰ যোৱা কালিৰ পৰা দুই সন্তানৰ মাতৃ নিৰুদ্দেশ হৈছিল।দুই বছৰীয়া আৰু বছৰীয়া লৰা ছোৱালীক এৰি নিৰুদ্দেশ হৈছে মাতৃ সহিদা খাতুন। নিৰুদ্দেশ হোৱা সহিদা খাতুনৰ বয়স ২৫ বছৰ । দুই সন্তানসহ স্বামীয়ে স্বাহিদা খাতুনক বিচাৰি হাহাকাৰ কৰিছে।
ইফালে পত্নীয়ে মাহীয়েকৰ ঘৰত যাওঁ বুলি কৈ নিৰুদ্দেশ হোৱাৰ পিছৰে বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰি একো সন্ধান উলিয়াব পৰা নাই। উপায় নাপাই অৱশেষত সৰভোগ আৰক্ষী থানাত নিৰুদ্দেশ সম্পৰ্কীয় এজাহাৰ দাখিল কৰে। লগতে কোনো সদাশয় ব্যক্তিয়ে কৰবাত সন্ধান পালে সংবাদ মাধ্যমৰ জৰিয়তে ৬০০২৮৩৭১১৮ নম্বৰত ৰাইজক যোগাযোগ কৰিবলৈ আহ্বান জনাইছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ