


যোৰহাট, ২৬ অক্টোবৰ (হি.স.)। জাঁজী ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা জাঁজী মুখলৈকে জাঁজী নৈ মথাউৰি (বাও অংশ) পথৰ পকীকৰণৰ আধাৰ শিলা স্থাপন l
অসমৰ জ্বলন্ত সমস্যা বানপানী সমস্যাৰ ৰোধ কৰিবলৈ চৰকাৰে লৈছে বিভিন্ন পদক্ষেপ । বিভিন্ন ধৰণৰ আঁচনি ৰূপায়ন কৰি নদীকাষৰীয়া অঞ্চলসমূহত মথাউৰি নিৰ্মাণ কৰি বান পানীৰ সমস্যা ৰোধ কৰা চেষ্টা অব্যাহত ৰাখিছে।
আজি মৰিয়নি সমষ্টিৰ জাঁজী ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা জাঁজী মুখলৈকে জাঁজী নৈ মথাউৰি (বাও অংশ) পথৰ পকীকৰণৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু মন্ত্ৰী পিযুষ হাজৰিকাই। ২৪. ৫৫ মিলিমিটাৰ দৈৰ্ঘৰ এই মথাউৰিটোৰ মুঠ ব্যয় ৪৩,৯৭,৭৮০০ টকাৰ । আধাৰ শিলা স্থাপন কৰাৰ পিছত ২নং কাৱৈমাৰী গোহাঁই গাওঁ মধ্য ইংৰাজী বিদ্যালয়ৰ খেল পথাৰত অনুষ্ঠিত কৰা হয় এখন মুকলি সভা।
মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ উপস্থিতিত মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই ভাষণ প্ৰসঙ্গত বৰ্তমানৰ বিজেপি চৰকাৰৰ কাম কাজৰ ওপৰত আলোকপাত কৰে আৰু পিযুষ হাজৰিকাই ভাষণত কয় যে নিৰ্বাচনৰ আগত দি থৈ যোৱা প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰিছে বৰ্তমানৰ বিজেপি চৰকাৰে।কথা দি কথা ৰখা মানুহ আমি । ইফালে ভাষণ প্ৰসংগত তীব্ৰ ভাষাৰে সমালোচনা কৰে যোৰহাট লোকসভাৰ সাংসদ গৰাকীক। সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মন্ত্ৰী পিযুষ হাজৰিকাই কয় মই নিজেই এজন জুবিন গাৰ্গৰ অনুৰাগী।আমি জুবিন গাৰ্গক লৈ ৰাজনীতি কৰিবলৈ কাকো নিদিও।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু