
নতুন দিল্লী, ২৬ অক্টোবৰ (হি.স.)। ঘৰুৱা শ্বেয়াৰ বজাৰত যোৱা ব্যৱসায়িক সপ্তাহত ক্ৰয়-বিক্ৰয়ৰ বাবে বিএছইৰ শীৰ্ষ ১০টা মূল্যৱান কোম্পানীসমূহৰ ভিতৰত সাতটা কোম্পানীৰ বজাৰ মূল্য ১.৫৫ লাখ কোটি ₹তকৈ অধিক বৃদ্ধি পাইছে। ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ আৰু টাটা কনছালটেন্সি চাৰ্ভিচেছ (টিচিএছ)য়ে আটাইতকৈ বেছি লাভ কৰে। আনহাতে, শীৰ্ষ ১০ টা কোম্পানীৰ ভিতৰত তিনিটা কোম্পানীৰ মাৰ্কেট কেপ ₹৭৬,০০০ কোটিতকৈ অধিক হ্ৰাস পাইছে।
বিগত সপ্তাহৰ ব্যৱসায়ৰ সময়ছোৱাত ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ, টাটা কনছালটেন্সি চাৰ্ভিচেছ, ভাৰতী এয়াৰটেল, ষ্টেট বেংক অৱ ইণ্ডিয়া (এছ বি আই), বাজাজ ফাইনেন্স, ইনফ’ছিছ, আৰু ভাৰতীয় জীৱন বীমা নিগম (এল আই চি)ৰ মাৰ্কেট কেপ ১,৫৫,৭১০.৭৪ কোটি টকা বৃদ্ধি পাইছে। এইচ ডি এফ চি বেংক, আই চি আই চি আই বেংক আৰু হিন্দুস্তান ইউনিলিভাৰৰ বজাৰ মূল্য ৭৬,২৫১.৯৫ কোটি টকা হ্ৰাস পাইছে।
আইচিআইচিআই বেংকৰ মাৰ্কেট কেপ ৪৩,৭৪৪.৫৯ কোটি টকা হ্ৰাস পাই ৯,৮২,৭৪৬.৭৬ কোটি টকা হয়। একেদৰে হিন্দুস্তান ইউনিলিভাৰৰ মাৰ্কেট কেপ ২০,৫২৩.৬৮ কোটি টকা হ্ৰাস পাই ৫,৯১,৪৮৬.১০ কোটি টকা হয়। এইচ ডি এফ চি বেংকৰ বজাৰ মূল্যও ১১,৯৮৩.৬৮ কোটি টকা হ্ৰাস পাই ১৫,২৮,২২৭.১০ কোটি টকা হয়।
যোৱা সপ্তাহত ২০ৰ পৰা ২৪ অক্টোবৰৰ ভিতৰত হোৱা ব্যৱসায়িক অধিবেশনত ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ বজাৰ মূল্য ৪৬,৬৮৭.০৩ কোটি টকা জঁপিয়াই ১৯,৬৪,১৭০.৭৪ কোটি টকা হয়। একেদৰে টাটা কনছালটেন্সি চাৰ্ভিচেছৰ মাৰ্কেট কেপ ৩৬,১২৬.৬০ কোটি টকা বৃদ্ধি পাই ১১,০৮,০২১.২১ কোটি টকা হৈছে। ইনফ’ছিছৰ মাৰ্কেট কেপ ৩৪,৯৩৮.৫১ কোটি টকা জঁপিয়াই ৬,৩৩,৭১২.৩৮ কোটি টকা হয়। ইয়াৰ উপৰিও ভাৰতীয় ষ্টেট বেংকৰ মাৰ্কেট কেপ ১৩,৮৯২.০৭ কোটি টকা বৃদ্ধি পাই ৮,৩৪,৮১৭.০৫ কোটি টকা, বাজাজ ফাইনেন্সৰ মাৰ্কেট কেপ ১১,৯৪৭.১৭ কোটি টকা বৃদ্ধি পাই ৬,৭৭,৮৪৬.৩৬ কোটি টকা, ভাৰতী এয়াৰটেলৰ মাৰ্কেট কেপ ৯,৭৭৯.১১ কোটি টকাৰ মূল্য ১১,৫৭,০১৪.১৯ কোটি টকা হোৱাৰ লগতে ভাৰতীয় জীৱন বীমা নিগমৰ বজাৰ মূল্য ২,৩৪০.২৫ কোটি টকা জঁপিয়াই ৫,৬২,৫১৩.৬৭ কোটি টকা হয়।
মাৰ্কেট কেপৰ ক্ষেত্ৰত ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ ১৯,৬৪,১৭০.৭৪ কোটি টকাৰ মাৰ্কেট কেপিটেলাইজেচনেৰে দেশৰ সৰ্বাধিক মাৰ্কেট কেপ থকা কোম্পানী হৈয়েই আছে। ইয়াৰ পিছতে এইচ ডি এফ চি বেংক (মুঠ মাৰ্কেট কেপ ১৫,২৮,২২৭.১০ কোটি টকা), ভাৰতী এয়াৰটেল (মুঠ মাৰ্কেট কেপ ১১,৫৭,০১৪.১৯ কোটি টকা), টি চি এছ (মুঠ মাৰ্কেট কেপ ১০,৯৫,৭০১.৬২ কোটি টকা), আই চি আই চি আই বেংক (মুঠ মাৰ্কেট কেপ ৯,৮২,৭৪৬.৭৬ কোটি টকা), ষ্টেট বেংক অৱ ইণ্ডিয়া (মুঠ বজাৰ মূল্য ৮,৩৪,৮১৭.০৫ কোটি টকা), বাজাজ ফাইনেন্স (মুঠ বজাৰ মূল্য ৬,৭৭,৮৪৬.৩৬ কোটি টকা), ইনফ’ছিছ (মুঠ বজাৰ মূল্য ৬,৩৩,৭১২.৩৮ কোটি টকা), হিন্দুস্তান ইউনিলিভাৰ (মুঠ বজাৰ মূল্য ৫,৯১,৪৮৬.১০ কোটি টকা) আৰু ভাৰতীয় জীৱন বীমা নিগম (এল আই চি) (মুঠ বজাৰ মূল্য ৫,৬২,৫১৩.৬৭ কোটি টকা) শীৰ্ষ ১০ টা আটাইতকৈ মূল্যৱান কোম্পানীৰ তালিকাত দ্বিতীয়ৰ পৰা দশম স্থানত থাকে।
हिन्दुस्थान समाचार / অৰৱিন্দ