
গোলাঘাট, ২৬ অক্টোবৰ (হি.স.)। অসম চৰকাৰৰ স্বাস্থ্য বিভাগে ৰাজ্যজুৰি আৰম্ভ কৰা শুশ্রূষা সেতু নামেৰে বিধানসভা সমষ্টিভিত্তিক বৃহৎ স্বাস্থ্য শিবিৰ আজি গোলাঘাট বিধান সভা সমষ্টিৰ অন্তৰ্গত মেৰাপানীৰ দৈয়াং উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আয়োজন কৰা হৈছে।
শুশ্রূষা সেতু বৃহৎ স্বাস্থ্য শিবিৰত ০-১৮ বছৰ বয়সৰ প্ৰত্যেক প্রত্যেক শিশু তথা কিশোৰ - কিশোৰীৰ বিশেষ স্বাস্থ্য পৰীক্ষা বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা প্ৰদান কৰা হৈছে। ইয়াৰ লগতে ৰাইজৰ বাবে বিভিন্ন স্বাস্থ্য সেৱা উপলব্ধ কৰা হৈছে।
এই বৃহৎ স্বাস্থ্য শিবিৰৰ শুভাৰম্ভণি অনুষ্ঠানৰ পুৱা উদ্বোধন কৰে বিত্তমন্ত্ৰী অজন্তা নেওগে। ইয়াৰ পাছতে এই মেগা স্বাস্থ্য পৰীক্ষা শিৱিৰত কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা উপস্থিত হৈ অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ ৰাজ্যজুৰি গ্ৰহণ কৰা এই অভিলাষী আঁচনিখনৰ কথা ৰাইজক অৱগত কৰি ইয়াৰ সুবিধা গ্ৰহণ কৰাৰ আহ্বান জনায়।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা