আজিৰে পৰা অনুষ্ঠিত হৈছে খুমটাই ক্ৰীড়া উৎসৱ ২০২৫
গোলাঘাট, ২৬ অক্টোবৰ (হি.স.)। খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ উদ্যোগত আজিৰে পৰা অনুষ্ঠিত হৈছে খুমটাই ক্ৰীড়া উৎসৱ ২০২৫ । আজিৰ পৰা দুদিনীয়াকৈ খুমটাই নৰাগাঁৱত নৱনির্মিত ষ্টেডিয়ামত অনুষ্ঠিত ক্ৰীড়া উৎসৱক লৈ উদুলি মুদুলি পৰিবেশ । সাঁতোৰ,ডবা খেল,বে
আজিৰে পৰা অনুষ্ঠিত হৈছে খুমটাই ক্ৰীড়া উৎসৱ ২০২৫


গোলাঘাট, ২৬ অক্টোবৰ (হি.স.)। খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ উদ্যোগত আজিৰে পৰা অনুষ্ঠিত হৈছে খুমটাই ক্ৰীড়া উৎসৱ ২০২৫ । আজিৰ পৰা দুদিনীয়াকৈ খুমটাই নৰাগাঁৱত নৱনির্মিত ষ্টেডিয়ামত অনুষ্ঠিত ক্ৰীড়া উৎসৱক লৈ উদুলি মুদুলি পৰিবেশ । সাঁতোৰ,ডবা খেল,বেডমিণ্টন,শ্বুটিং,মহিলা ফুটবল আৰু পুৰুষৰ পেনাল্টি শ্বট অনুষ্ঠিত হৈছে এই ক্ৰীড়া উৎসৱত ।

সকলো স্তৰৰ খেলুৱৈয়ে অংশ লৈছে প্ৰতিযোগিতাত। গ্ৰামাঞ্চলত নিৰ্মাণ কৰা ষ্টেডিয়ামখনৰ জৰিয়তে সুপ্ত প্ৰতিভা বিকাশ হোৱাৰ আশা বিধায়কৰ লগতে সকলোৰে। আনহাতেদি গোলাঘাট জিলা চুইমিং এচ'চিয়েচনেৰ উদ্যোগত অনুষ্ঠিত হোৱা চুইমিং ইভেণ্টতো ২৫০ গৰাকীৰো অধিক প্ৰতিযোগিয়ে অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে ।‌ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা খেলুৱৈ সকলে শলাগিলে নৰাগাঁও ষ্টেডিয়ামৰ ব্যৱস্থাপনাত সুখী হোৱা দেখা গৈছে ৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande