
নতুন দিল্লী, ২৬ অক্টোবৰ (হি.স.)। ভাৰতত প্ৰথমবাৰৰ বাবে এছিয়া পেচিফিক দুৰ্ঘটনা তদন্ত গোটৰ বৈঠক আৰু কৰ্মশালা আয়োজন কৰা হ’ব। ২৮ অক্টোবৰৰ পৰা আৰম্ভ হ’বলগীয়া চাৰিদিনীয়া বৈঠকত প্ৰায় ৯০ জন বিমান দুৰ্ঘটনাৰ তদন্তকাৰীয়ে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে।
অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে দেওবাৰে জনোৱা মতে, ৩১ অক্টোবৰলৈকে অনুষ্ঠিত হ’বলগীয়া এছিয়া পেচিফিক দুৰ্ঘটনা তদন্ত গোটৰ (এপিএচি-এআইজি) বৈঠকৰ সভাপতিত্ব কৰিব বিমান দুৰ্ঘটনা তদন্ত ব্যুৰোৰ। মন্ত্ৰালয়ৰ মতে, বাৰ্ষিক এছিয়া-পেচিফিক অৰ্থনৈতিক সহযোগিতা (এপিএচি-এআইজি) বৈঠকত এছিয়া-পেচিফিক অঞ্চলৰ আইচিএঅ’ৰ সদস্য দেশসমূহৰ লগতে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সংস্থাও অংশগ্ৰহণ কৰে। এই বৈঠক সাধাৰণতে এছিয়া-পেচিফিক অঞ্চলৰ আইচিএঅ’ৰ সদস্য দেশ এখনে আয়োজন কৰে। ভাৰতে প্ৰথমবাৰৰ বাবে আয়োজন কৰিব এছিয়া-পেচিফিক অঞ্চল-এআইজি বৈঠক। এছিয়া-পেচিফিক দেশ আৰু আইচিএঅ’ৰ বিমান দুৰ্ঘটনা তদন্ত কৰ্তৃপক্ষৰ প্ৰায় ৯০ জন প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব।
মন্ত্ৰালয়ৰ মতে, এই এছিয়া পেচিফিক দুৰ্ঘটনা তদন্ত গোটৰ বৈঠকসমূহৰ লক্ষ্য হৈছে তদন্তকাৰী কৰ্তৃপক্ষৰ মাজত বিশেষজ্ঞতা, অভিজ্ঞতা, আৰু জ্ঞানৰ বিনিময়ক প্ৰসাৰ কৰা, আৰু তেওঁলোকৰ মাজত সহযোগিতা গঢ়ি তোলা আৰু শক্তিশালী কৰা। এই কৰ্মশালাত এএআইবি আৰু ডিজিচিএৰ বিষয়াসকলৰ লগতে আন্তঃৰাষ্ট্ৰীয় অংশগ্ৰহণকাৰীসকলেও অংশগ্ৰহণ কৰিব।
हिन्दुस्थान समाचार / অৰৱিন্দ