




শোণিতপুৰ, ২৬ অক্টোবৰ (হি.স.)। ঢেকীয়াজুলি ৰ ইলোৰা বিজ্ঞান মঞ্চৰ চিৰাজুলি শাখাৰ আজি দ্বি-বাৰ্ষিক সাধাৰণ সভা ।
ইলোৰা বিজ্ঞান মঞ্চই এই বাৰ্ষিক সাধাৰণ সভাৰ লগত সংগতি ৰাখি এক বিজ্ঞানৰ মডেল আৰু চিত্ৰাংকন প্ৰতিযোগিতাৰো আয়োজন কৰিছে।
বিজ্ঞানৰ মডেল আৰু চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজনৰ লগতে গীত-মাত আৰু বিজ্ঞানৰ কথাৰে উজ্জীৱিত লুইত জাতীয় বিদ্যালয়। লুইত জাতীয বিদ্য়ালযত ইলোৰা বিজ্ঞান মঞ্চৰ চিৰাজুলি শাখাৰ এই দ্বি বাৰ্ষিক সাধাৰণ সভাৰ লগত সংগতি ৰাখি অনুষ্ঠিত বিজ্ঞানৰ মেডল প্ৰস্তুত প্ৰতিযোগিতাত বিভিন্ন শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে বিজ্ঞানৰ বহু মডেল প্ৰস্তুত কৰি সেই সমূহ প্ৰদৰ্শন কৰে আৰু ভূয়সী প্ৰশংসা লাভ কৰিবলৈ সক্ষম হয়। আনহাতে চিত্ৰাংকন প্ৰতিযোগিতাতো বিভিন্ন বয়স তথা শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰে আৰু চিত্ৰকলাৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হয়।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু