কাঠমাণ্ডুৰ হায়াট ৰিজেন্সি হোটেল অনিৰ্দিষ্টকাললৈ বন্ধ , জেন জি আন্দোলনৰ সময়ত কৰা হৈছিল ব্যাপক লণ্ড ভণ্ড
কাঠমাণ্ডু, ২৬ অক্টোবৰ (হি.স.)। কাঠমাণ্ডুৰ পাঁচ তাৰকাযুক্ত তাৰাগাঁও ৰিজেন্সি হোটেল (হায়াট ৰিজেন্সি) অনিৰ্দিষ্টকাললৈ বন্ধ হৈ পৰিছে। যোৱা ৯ ছেপ্টেম্বৰত ‘জেন জি’ আন্দোলনৰ সময়ত হোটেলখনত ব্যাপক লণ্ড ভণ্ড তথা অগ্নিসংযোগ হোৱাৰ ফলত যথেষ্ট ক্ষতিসাধন হয়।
हयात होटल काठमांडू

হোটেলখনৰ মানৱ সম্পদ সঞ্চালকে এখন জাননী জাৰি কৰি হোটেলখন অনিৰ্দিষ্টকাললৈ বন্ধ কৰাৰ কথা ঘোষণা কৰে। তেওঁ কয় যে হায়াট হোটেলৰ ৪০০টা কোঠা আৰু লবীৰ ভিতৰত ৭০টা কোঠা সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈছে, যাৰ বাবে ব্যাপক মেৰামতি আৰু সংস্কাৰৰ প্ৰয়োজন হৈছে। জাননীখনত উল্লেখ কৰা হৈছে যে গঠন, সঁজুলি, আৰু নিৰাপত্তা ব্যৱস্থাৰ যথেষ্ট ক্ষতিৰ বাবে সকলো বাণিজ্যিক সেৱা বন্ধ কৰি দিয়া হৈছে। কৰ্মচাৰীসকলক পৰৱৰ্তী জাননী নিদিয়ালৈকে কৰ্মক্ষেত্ৰত ৰিপৰ্ট নকৰিবলৈ অনুৰোধ জনোৱা হৈছে।

২০০০ চনৰ পৰা চলি থকা হায়াট ৰিজেন্সি কাঠমাণ্ডু কাঠমাণ্ডুৰ এখন সন্মানীয় পাঁচ তাৰকাযুক্ত হোটেল আৰু ইয়াত ৪০৩টা কোঠা আছে। জেন জি বিদ্ৰোহৰ সময়ত প্ৰতিবাদকাৰীয়ে হোটেলখন লণ্ড ভণ্ড কৰি জুই লগাইছিল। তাত থকা শ শ ভাৰতীয় পৰ্যটক পলায়ন কৰিবলৈ বাধ্য হয়।

অগ্নিকাণ্ডৰ ফলত সৃষ্টি হোৱা এই হুলস্থুলত তৃতীয় মহলাৰ পৰা জঁপিয়াই প্ৰাণ ৰক্ষাৰ বাবে এগৰাকী ভাৰতীয় মহিলা পৰ্যটকৰ মৃত্যু হয়। সকলো প্ৰস্থান পথ জুইৰ শিখাই আগুৰি ধৰিছিল, গতিকে মহিলা পৰ্যটকগৰাকীয়ে খিৰিকীৰে ওলাই আহিবলৈ চেষ্টা কৰিছিল।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া

 rajesh pande