গোৰেশ্বৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত অসম ভিত্তিত কেৰম খেল প্ৰতিযোগিতা
বোক্সা, ২৬ অক্টোবৰ (হি.স.)। গোৰেশ্বৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত অসম ভিত্তিত কেৰম খেল প্ৰতিযোগিতা। গোৰেশ্বৰৰ ৰুদ্ৰাক্ষ ক্লাবৰ উদ্যোগত গোৰেশ্বৰৰ লোক নিৰ্মাণ বিভাগৰ পৰিদৰ্শন বঙলাৰ বাকৰিত অনুষ্ঠিত দ্বৈত কেৰম খেল প্ৰতিযোগিতা উদ্বোধন কৰে বিজে
গোৰেশ্বৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত অসম ভিত্তিত কেৰম খেল প্ৰতিযোগিতা


বোক্সা, ২৬ অক্টোবৰ (হি.স.)। গোৰেশ্বৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত অসম ভিত্তিত কেৰম খেল প্ৰতিযোগিতা।

গোৰেশ্বৰৰ ৰুদ্ৰাক্ষ ক্লাবৰ উদ্যোগত গোৰেশ্বৰৰ লোক নিৰ্মাণ বিভাগৰ পৰিদৰ্শন বঙলাৰ বাকৰিত অনুষ্ঠিত দ্বৈত কেৰম খেল প্ৰতিযোগিতা উদ্বোধন কৰে বিজেপিৰ যুৱ নেতা কৰণ চেত্ৰীয়ে।

এই প্ৰতিযোগিতাৰ লগত সংগতি ৰাখি আয়োজন কৰা মহান শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান উদ্বোধন কৰে অসম চৰকাৰৰ যুৱ আয়োগৰ সদস্য ৰাতুল শৰ্মাই। শ্ৰদ্ধাঞ্জলি অনুষ্ঠান উদ্বোধন কৰি ৰাতুল শৰ্মাই জুবিন গাৰ্গক অমৰ কৰি ৰাখিবলৈ সকলোৱে এনেধৰণৰ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিব লাগিব বুলি মন্তব্য কৰে। তেওঁ লগতে শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাবলৈ কেৰম খেল প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ লগতে যুৱ প্ৰজন্মক খেলৰ প্ৰতি আগ্ৰহী কৰিবলৈ এখন মঞ্চ দিয়া বাবে ৰুদ্ৰাক্ষ ক্লাৱৰ সদস্যসকলক ধন্যবাদ জনায়। কেৰম খেল প্ৰতিযোগিতাত

অসমৰ বিভিন্ন প্ৰান্তৰ কেইবাটাও দলে অংশগ্ৰহণ কৰে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande