
- এসপ্তাহত সোণৰ মূল্য ৫,২৪০ ₹ পৰ্যন্ত হ্ৰাস, ৰূপৰ মূল্য ১৭,০০০ ₹ পৰ্যন্ত হ্ৰাস
নতুন দিল্লী, ২৬ অক্টোবৰ (হি.স.)। ঘৰুৱা অলংকাৰ বজাৰত একেৰাহে ছয় দিন হ্ৰাস পোৱাৰ পাছত দেওবাৰে সোণ আৰু ৰূপৰ মূল্য বৃদ্ধিৰ ধাৰা দেখা পোৱাা গৈছে। সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,১৬০ টকাৰ পৰা ১,২৬০ টকালৈ বৃদ্ধি পাইছে। ইফালে আজি প্ৰতি কিলোগ্ৰাম ৰূপৰ মূল্য ১০০ ₹হে বৃদ্ধি পাইছে। এই মূল্যবৃদ্ধিৰ বাবে দেশৰ বেছিভাগ অলংকতাৰ বজাৰতে ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,২৫,৬২০ ₹ৰ পৰা ১,২৫,৭৭০ ₹ ব্যৱসায় কৰা হৈছে। একেদৰে আজি ২২ কেৰেটৰ সোণৰ প্ৰতি ১০ গ্ৰামত ১,১৫,১৫০ টকাৰ পৰা ১,১৫,৩০০ টকাৰ ভিতৰত বিক্ৰী হৈছে। আজি দিল্লীৰ অলংকাৰ বজাৰত ৰূপৰ বিক্ৰী হৈছে প্ৰতি কিলোগ্ৰামত ১,৫৫,০০০ টকাকৈ।
সাপ্তাহিক ভিত্তিত সোমবাৰৰ পৰা শনিবাৰলৈ ব্যৱসায়ৰ সময়ত ধাৰাবাহিকভাৱে দুৰ্বল ধাৰাটোৰ বাবে দেশৰ প্ৰায়বোৰ বুলিয়ন বজাৰতে ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৫,২৪০ টকা পৰ্যন্ত হ্ৰাস পাইছে। একেদৰে ২২ কেৰেটৰ সোণো যোৱা এসপ্তাহৰ ভিতৰত প্ৰতি ১০ গ্ৰামত ৪৮০০ টকাকৈ সস্তা হৈছে। সোণৰ দৰে ৰূপৰ মূল্যও গোটেই সপ্তাহটোৰ ব্যৱসায়ৰ সময়ছোৱাত সাপ্তাহিক ভিত্তিত প্ৰতি কিলোগ্ৰামত ১৭ হাজাৰ টকা হ্ৰাস পাইছে।
দিল্লীত ২৪ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,২৫,৭৭০ টকা, আনহাতে ২২ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,১৫,৩০০ টকা। দেশৰ বিত্তীয় ৰাজধানী মুম্বাইত ২৪ কেৰেটৰ সোণ ১০ গ্ৰামত ১,২৫,৬২০ টকা আৰু ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ১,১৫,১৫০ টকাত বিক্ৰী হৈছে। একেদৰে আহমেদাবাদত ২৪ কেৰেট সোণৰ খুচুৰা মূল্য প্ৰতি ১০ গ্ৰামত ১,২৫,৬৭০ টকা আৰু ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামত ১,১৫,২০০ টকা । এই ডাঙৰ চহৰসমূহৰ বাহিৰেও চেন্নাইত ২৪ কেৰেটৰ সোণ ১০ গ্ৰামত ১,২৫,৬২০ টকা আৰু ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ১,১৫,১৫০ টকাত বিক্ৰী হৈছে। কলকাতাতো ২৪ কেৰেট সোণৰ দাম প্ৰতি ১০ গ্ৰামত ১,২৫,৬২০ টকা আৰু ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,১৫,১৫০ টকা।
লক্ষ্ণৌৰ অলংকাৰ বজাৰত ২৪ কেৰেট সোণৰ ১০ গ্ৰামত ১,২৫,৭৭০ টকা আৰু ২২ কেৰেট সোণ প্ৰতি ১০ গ্ৰাম ১,১৫,৩০০ টকাত বিক্ৰী হৈছে। পাটনাত ২৪ কেৰেট সোণৰ দাম প্ৰতি ১০ গ্ৰামত ১,২৫,৬৭০ টকা, আনহাতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,১৫,২০০ টকা। জয়পুৰত ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ১,২৫,৭৭০ টকা আৰু ২২ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ১,১৫,৩০০ টকাত বিক্ৰী হৈছে।
সমগ্ৰ দেশৰ আন ৰাজ্যৰ দৰেই আজিও কৰ্ণাটক, তেলেংগানা, ওড়িশাৰ অলংকাৰ বজাৰত সোণৰ মূল্য বৃদ্ধি পাইছে। এই তিনিখন ৰাজ্যৰ ৰাজধানী বেংগালুৰু, হায়দৰাবাদ, ভুৱনেশ্বৰত ২৪ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,২৫,৬২০ টকাত ব্যৱসায় হৈছিল। একেদৰে এই তিনিখন চহৰৰ অলংকাৰ বজাৰত ২২ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ১,১৫,১৫০ ₹ ত বিক্ৰী হৈছিল।
हिन्दुस्थान समाचार / অৰৱিন্দ