
ধেমাজি, ২৬ অক্টোবৰ (হি.স.)। মিচিং স্বায়ত্ব শাসিত পৰিষদক এছিয়া বুক অফ ৰেকৰ্ড আৰু ইণ্ডিয়া বুক অফ ৰেকৰ্ডত নাম সন্নিৱিষ্ট কৰি স্বীকৃতি প্ৰদান । মিচিং স্পৰ্ট কাৰ্নিভেল স্থলীত মিচিং স্বায়ত্ব শাসিত পৰিষদে ২০২২ বৰ্ষত ২০০ গৰাকী শিক্ষিত নিবনুৱা যুৱকক সফলতাৰে নাপিত বা কেশকাৰৰ প্ৰশিক্ষণ প্ৰদান কৰি স্ব- নিয়োজিত হোৱাৰ উপৰিও চৰকাৰী নিযুক্তি লাভ কৰিবলৈ সক্ষম হয়।
মিচিং স্বায়ত্ব শাসিত পৰিষদক এছিয়া বুক অফ ৰেকৰ্ড আৰু ইণ্ডিয়া বুক অফ ৰেকৰ্ডত নাম সন্নিৱিষ্ট কৰি স্বীকৃতি প্ৰদান কৰে। ইয়াৰে অংশস্বৰূপে শিক্ষিত নিবনুৱা যুৱক-যুৱতী সকলক জীৱন জীৱিকা অভিযানৰ অধীনত কৃষি, মীন পালন, উদ্যান শস্য, পশুপালন আৰু কুটীৰ শিল্প আদি বিভাগৰ দ্বাৰা বিভিন্ন ধৰণৰ দক্ষতা বিকাশৰ প্ৰশিক্ষণ প্ৰদান কৰি আহিছে। দক্ষতা বিকাশ অভিযানৰ ভিতৰত অন্যতম হৈছে শিক্ষিত নিবনুৱা যুৱকসকলৰ নাপিত অৰ্থাৎ কেশকাৰৰ প্ৰশিক্ষণ।
যাৰ বাবে টাকাম মিচিং পৰিণ কৗবাঙৰ উদ্যোগত মিচিং স্বায়ত্বশাসিত পৰিষদৰ পৃষ্ঠপোষকতাত গোগামুখত অনুষ্ঠিত হৈ থকা মিচিং স্পৰ্টচ কাৰ্নিভেল স্থলীত এই অভিলাসী তথা যোগাত্মক পদক্ষেপৰ বাবে পৰিষদক এছিয়া বুক অফ ৰেকৰ্ডছৰ পৰ্যবেক্ষক সঞ্জয় ভ'লাই আনুষ্ঠানিকভাৱে এছিয়া বুক অফ ৰেকৰ্ড আৰু ইণ্ডিয়া বুক অফ ৰেকৰ্ডৰ প্ৰমাণপত্ৰ মিচিং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াক প্ৰদান কৰে। ঐতিহাসিক তথা গৌৰৱময় ক্ষণত কেশকাৰৰ কাৰ্যৰে পৰিষদীয় এলেকাত স্বাৱলম্বিতাৰ নতুন অধ্যায় সূচনা কৰা পৰিষদৰ দ্বাৰা স্বীকৃতি তথা প্ৰশিক্ষণপ্ৰাপ্ত প্ৰতিগৰাকী কেশকাৰ আৰু সমূহ পৰিষদবাসী ৰাইজলৈ মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই আন্তৰিক অভিনন্দন জ্ঞাপন কৰে।
অনুষ্ঠানত বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকে এছিয়া বুক অফ ৰেকৰ্ডছৰ পৰ্যবেক্ষক সঞ্জয় ভ'লাৰ লগতে লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা ,ঢকুৱাখনা বিধানসভা সমষ্টিৰ বিধায়ক নৱ কুমাৰ দলে, মাজুলী বিধানসভা সমষ্টিৰ বিধায়ক ভূবন গাম, জোনাই বিধানসভা সমষ্টিৰ বিধায়ক ভূৱন পেগু, পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া ,অধ্যক্ষ সুনীল কুমাৰ পেগু,লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষক গুনীনন্দ্ৰ ডেকা, ধেমাজি জিলাৰ আৰক্ষী অধীক্ষক উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা