গোৱালপাৰাত কৃষকৰ মাজত সন্ত্ৰাসৰ সৃষ্টি কৰিছে বন্যহস্তীয়ে
গোৱালপাৰা, ২৬ অক্টোবৰ (হি.স.)। গোৱালপাৰাত কৃষকৰ মাজত সন্ত্ৰাসৰ সৃষ্টি কৰিছে বন্যহস্তীয়ে। বন্যহস্তীৰ সন্ত্ৰাসত ত্ৰাহিমধুসুদন দেখিছে এতিয়া গোৱালপাৰাৰ কৃষকে। কঁপালৰ ঘাম মাটিত পেলাই কৰা খেতি দৰাত এতিয়া নিশা হলেই চলে বন্যহস্তীৰ সন্ত্ৰাস। এয়া গোৱালপাৰাৰ
গোৱালপাৰাত কৃষকৰ মাজত সন্ত্ৰাসৰ সৃষ্টি কৰিছে বন্যহস্তীয়ে


গোৱালপাৰা, ২৬ অক্টোবৰ (হি.স.)। গোৱালপাৰাত কৃষকৰ মাজত সন্ত্ৰাসৰ সৃষ্টি কৰিছে বন্যহস্তীয়ে। বন্যহস্তীৰ সন্ত্ৰাসত ত্ৰাহিমধুসুদন দেখিছে এতিয়া গোৱালপাৰাৰ কৃষকে। কঁপালৰ ঘাম মাটিত পেলাই কৰা খেতি দৰাত এতিয়া নিশা হলেই চলে বন্যহস্তীৰ সন্ত্ৰাস। এয়া গোৱালপাৰাৰ গেন্দেৰাপাৰা গাঁওৰ দৃশ্য। গাঁওখনত ইতিমধ্যে প্ৰায় ৫০ বিঘাৰো অধিক মাটিত থকা ধান খেতি খাই তহিলং কৰিছে বন্যহস্তীৰ জাকে। জীবিকাৰ একমাত্ৰ উৎস হৈছে এই খেতিদৰা। এইদৰে বছৰটোত পোহপাল দিয়ে পৰিয়াল।

ধাননি পথাৰৰ সলনি উদং পথাৰ দেখি এতিয়া চকু পানীৰে বাট নেদেখা হৈছে কৃষক সকলৰ। বিয়াগোম বন বিভাগ এটা আছে যদিও কোনো পদক্ষেপ নলয় এই বিভাগটোৱে। খৱৰ দিয়াৰ পিচত আহে যদিও পথাৰত নামি হাতী খেদাটো দুৰৰে কথা বাটৰ পৰাই চাই গুচি যোৱাৰ অভিযোগ কৰে। প্ৰতিবছৰে এইদৰে ধান গজিবৰ সময়তে সন্ত্ৰাস চলায় বন্যহস্তীয়ে। সেয়ে কৃষক ৰাইজৰ চৰকাৰলৈ আহ্বান যাতে অন্তত বছৰটো চলিব পৰাকে ক্ষতি পুৰন দিয়াৰ ব্যৱস্হা কৰে। ইপিনে হাতী খেদাৰ বাৱে বন বিভাগে যোগান নধৰে বোমা লাইট আদি। সেয়ে চৰকাৰে এইসকল কৃষকৰ প্ৰতি কিঞ্চিত সহায়ৰ যোগান নধৰিলে অন্যথা নেখাই মৰিব লাগিব কৃষকৰ পৰিয়াল।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande