
কাঠমাণ্ডু, ২৬ অক্টোবৰ (হি.স.)। নেপালৰ সুশিলা কাৰ্কি নেতৃত্বাধীন মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হ’বলগীয়া চাৰিগৰাকী নতুন মন্ত্ৰীৰ নাম চূড়ান্ত কৰা হৈছে, আৰু আজি তেওঁলোকৰ শপত গ্ৰহণৰ প্ৰস্তুতি চলি আছে।
নতুন মন্ত্ৰীসকলৰ ভিতৰত আছে ড° সুধা গৌতম, গণপতি লাল শ্ৰেষ্ঠ, খগেন্দ্ৰ সুনাৰ, আৰু বাবলু গুপ্তা। ডাঃ গৌতমক স্বাস্থ্য আৰু জনসংখ্যা মন্ত্ৰালয়, গণপতি শ্ৰেষ্ঠক সাংস্কৃতিক, পৰ্যটন, আৰু অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়, সুনাৰক শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়, গুপ্তাক যুৱ আৰু ক্ৰীড়া মন্ত্ৰালয়ক প্ৰদান কৰাৰ সম্ভাৱনা আছে।
প্ৰধানমন্ত্ৰী কাৰ্যালয়ে নিশ্চিত কৰিছে যে প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কীয়ে চাৰিওটা নামকে ৰাষ্ট্ৰপতিৰ কাৰ্যালয়লৈ পৰামৰ্শ দিছে। পিএমঅ’ই প্ৰদান কৰা তথ্য অনুসৰি কাৰ্কীয়ে পৰামৰ্শ দিয়া চাৰিজন মন্ত্ৰীৰ আজি শপত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া