জনীয়াৰ বানিয়াৰাপাৰাত বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন
নৱকিৰণ ক্লাব এণ্ড লাইব্ৰেৰীৰ সৌজন্যত বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন ।
জনীয়াৰ বানিয়াৰাপাৰাত বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন


বৰপেটা, ২৬ অক্টোবৰ (হি.স.): বৰপেটা জিলাৰ জনীয়াৰ বানিয়াৰাপাৰাত বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হয়। জনীয়াৰ বানিয়াৰাপাৰা এম.ই.স্কুল বাকৰিত অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান নৱকিৰণ ক্লাব এণ্ড লাইব্ৰেৰীৰ সৌজন্যত আজি বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন কৰে।

প্ৰতিবছৰৰ দৰে এইবেলিও উক্ত কাৰ্যসূচীত তিনিশ ৰোগীক অভিজ্ঞ চিকিৎসকৰ জৰিয়তে চিকিৎসা সেৱা আগবঢ়োৱাৰ মানসেৰে অনুষ্ঠানটোৱে বাৰ্ষিক অধিৱেশনৰ সৈতে সংগতি ৰাখি এই কাৰ্যসূচী গ্ৰহণ কৰিছে বুলি অনুষ্ঠানৰ কাৰ্যকৰ্তা সকলে জানিবলৈ দিয়ে। অনুষ্ঠানৰ এনে পদক্ষেপক বৃহত্তৰ অঞ্চলৰ ৰাইজে ভূঁয়সী প্ৰশংসা কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande