দিপাৱালিৰ নিশা ধুবুৰী হোকাৰ্চ মাৰ্কেটত সংঘটিত হোৱা বৃহৎ অগ্নিকাণ্ড পৰিকল্পিত আছিল !
ধুবুৰী, ২৬ অক্টোবৰ (হি.স.)। ধুবুৰীত সংঘটিত অগ্নিকাণ্ডৰ ভয়ংকৰ তথ্য পোহৰ লৈ আহিছে। দিপাৱালিৰ নিশা ধুবুৰী হোকাৰ্চ মাৰ্কেটত সংঘটিত হোৱা বৃহৎ অগ্নিকাণ্ড পৰিকল্পিত আছিল নেকি,আতচ বাজিৰ পৰা অগ্নিকাণ্ড সংঘটিত হোৱা নাচিল নেকি । নিশা প্ৰায় ১.২৫ বজাত হোকাৰ্চ
দিপাৱালিৰ নিশা ধুবুৰী হোকাৰ্চ মাৰ্কেটত সংঘটিত হোৱা বৃহৎ অগ্নিকাণ্ড পৰিকল্পিত আছিল !


ধুবুৰী, ২৬ অক্টোবৰ (হি.স.)। ধুবুৰীত সংঘটিত অগ্নিকাণ্ডৰ ভয়ংকৰ তথ্য পোহৰ লৈ আহিছে। দিপাৱালিৰ নিশা ধুবুৰী হোকাৰ্চ মাৰ্কেটত সংঘটিত হোৱা বৃহৎ অগ্নিকাণ্ড পৰিকল্পিত আছিল নেকি,আতচ বাজিৰ পৰা অগ্নিকাণ্ড সংঘটিত হোৱা নাচিল নেকি । নিশা প্ৰায় ১.২৫ বজাত হোকাৰ্চ মাৰ্কেটত এজন ব্যক্তি সোমোৱাৰ দৃশ্য বন্দী হৈছে চিচিটিভি ৰ কেমেৰাত।

ব্যক্তি জন ভিতৰলৈ প্ৰৱেশ কৰাৰ পাছতেই হোকাৰ্চ মাৰ্কেটত অগ্নিকাণ্ড সংঘটিত হৈছিল ।জুই লগাৰ পাছতেই ওলাই গৈছিল ব্যক্তিজন। চিচিটিভি ৰ দৃশ্য ইতিমধ্যে লাভ কৰিছে ধুবুৰী আৰক্ষীয়ে। ভিতৰত প্ৰৱেশ কৰা ব্যক্তি জনৰ বেগৰ দোকান আছিল ভিতৰত। দুই ভাতৃৰ মাজত আছিল ব্যৱসায়িক সংঘাট।ভিতৰত সোমাই যোৱা ব্যক্তি গৰাকীৰ নাম পাপ্পু কৰ বুলি জানিব পৰা গৈছে।

নিজৰেই ভাতৃৰ মোবাইল ৰিপেয়াৰিংৰ দোকানত জুই লগাই ওলাই গৈছিল পাপ্পু কৰ নামৰ ব্যক্তিজন। হোকাৰ্চ মাৰ্কেটত পাপ্পু কৰৰো আছিল বেগৰ দোকান। পাৰিবাৰিক কন্দলৰ বাবেই এই অগ্নিকাণ্ড সংঘটিত কৰা বুলি সন্দেহ ৰাইজৰ। ইতিমধ্যে পাপ্পু কৰ পলাতক বুলি জানিব পৰা গৈছে।আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। অগ্নিকাণ্ডত ১৭ খন কৈ দোকান সম্পুৰ্ণৰূপে ভস্মীভূত হোৱাৰ লগতে প্ৰায় ৭০ লক্ষ টকাৰ বয় বস্তু জ্বলি ছাই হৈছিল দিপাৱালীৰ নিশা।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande