
শ্ৰী ভুমি, ২৬ অক্টোবৰ (হি.স.)। বদৰপুৰৰ হৰিনাদিক গাঁৱত চতুৰ্থ শ্ৰেণীৰ ছাত্ৰৰ ৰহস্যজনকভাৱে উদ্ধাৰ মৃতদেহ।
শনিবাৰে নিশা বদৰপুৰৰ বৰতল এল পি স্কুলৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ কয়চৰ হোছেইনৰ মৃতদেহ উদ্ধাৰৰ পিছতে চাঞ্চল্যৰ সৃষ্টি হয়। জানিব পৰা মতে এংলাৰ বজাৰ এলেকাৰ পূর্ব হৰিনাদিক গাঁৱৰ নুৰুল ইছলামৰ পৰিত্যক্ত ঘৰৰ পৰা চুবুৰীয়া কয়চৰ হোছেইনৰ মৃতদেহ উদ্ধাৰ কৰাৰ পাছত তেওঁৰ ডিঙিত ফাঁচীৰ দাগ দেখা গৈছে। ইয়াৰ ফলত এক চাঞ্চল্যকৰ পৰিস্থিতিৰ সৃষ্টি হয়।
পৰিয়ালৰ লোকে মৃতদেহটো দেখাৰ লগে লগে বদৰপুৰ থানাত খবৰ দিয়ে আৰু পৰিকল্পিতভাৱে কয়চৰ হোছেইনক হত্যা কৰা বুলি অভিযোগ দাখিল কৰে। ঘটনাৰ খবৰ পোৱাৰ লগে লগে দত্তপুৰ গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি আব্দুল হান্নান আৰু পূৰ্ববদৰপুৰ সমবায় সমিতিৰ সভাপতি মতাহিৰ আলীয়ে সেই স্থানত উপস্থিত হৈ পৰিস্থিতি স্বাভাৱিক ৰাখিবলৈ অনুৰোধ জনায় লগতে আৰক্ষী প্ৰশাসনৰ সহযোগত মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিছত ঘটনাৰ প্ৰকৃত ৰহস্য পোহৰলৈ আহিব বুলিও আশা প্ৰকাশ কৰে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা