
গোলাঘাট, ২৬ অক্টোবৰ (হি.স.)। সোমাবাৰে বিয়লিৰ পৰা আৰম্ভ হ'ব ভোজপুৰী সমাজৰ আধ্যাত্মিক ষঠ পূজা ৷ কিন্তু হিয়াৰ আমঠু গণশিল্পী জুবিন গাৰ্গৰ আকস্মিক মৃত্যুৰ বাবে আন কাৰ্যসূচী পৰিহাৰ কৰি কেৱল মাঙ্গলিক কাৰ্যসূচীৰে এইবাৰ ভোজপুৰী সমাজে ষঠ পূজা অনুষ্ঠিত কৰিব ৷ বোকাখাত জিলা ভোজপুৰী সমাজৰ উদ্যোগত বোকাখাত পৌৰসভাৰ ১ নং ৱাৰ্ডৰ মৰিধনশিৰি ঘাটত সোমবাৰে বিয়লিৰ পৰা মঙ্গলবাৰৰ পুৱালৈকে অনুষ্ঠিত হ'ব ষঠ পূজা ৷
মূলত হিয়াৰ আমঠু, গণশিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলিৰ লগতে ষঠ পূজাৰ মাঙ্গলিক কাৰ্যসূচীৰে এই পূজা উদযাপন কৰিব বোকাখাতৰ ভোজপুৰী সমাজে ৷ এইবাৰৰ ষঠ পূজাত অতি অনুষ্ঠুপিয়াকৈ অনুষ্ঠিত হব। কোনো আনন্দ উতসৱ অনুষ্ঠিত কৰাৰ পৰা বিৰত থাকিব বুলি উল্লেখ কৰে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা