মায়ঙৰ দৈপৰা বিলত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ
নগাও, ২৬ অক্টোবৰ (হি.স.)। মায়ঙৰ দৈপৰা বিলত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ। জাগীৰোড থানাৰ অন্তৰ্গত ঝাৰগাঁও বজাৰৰ লগতে দৈপৰা বিল। কালি সন্ধিয়াৰ ভাগত মহিলা গৰাকীয়ে দলঙৰ পৰা হঠাত জাপ দিয়া দেখিছিল এজন লোকে। এন্ধাৰ হোৱাৰ বাবে দেখা পোৱা নগল মহিলা গৰাক
মায়ঙৰ দৈপৰা বিলত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ


নগাও, ২৬ অক্টোবৰ (হি.স.)। মায়ঙৰ দৈপৰা বিলত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ। জাগীৰোড থানাৰ অন্তৰ্গত ঝাৰগাঁও বজাৰৰ লগতে দৈপৰা বিল। কালি সন্ধিয়াৰ ভাগত মহিলা গৰাকীয়ে দলঙৰ পৰা হঠাত জাপ দিয়া দেখিছিল এজন লোকে।

এন্ধাৰ হোৱাৰ বাবে দেখা পোৱা নগল মহিলা গৰাকীক। দলঙৰ তলত আজি কিছু সময়ৰ পূৰ্বে ওপঙি উঠিছে মৃতদেহটো। মহিলা গৰাকীৰ পিন্ধনত শাৰী ব্লাউজ আছে। ঘটনাস্থলীত উপস্থিত জাগীৰোড থানাৰ আৰক্ষী। মহিলা গৰাকীৰ আত্মহত্যাৰ ঘটনাটোৰ প্ৰকৃত সত্য় উগ্ঘাটনৰ বাবে অনুসন্ধানত নামিছে আৰক্ষী। আৰক্ষী ইতিমধ্য়ে মৃতদেহটো উদ্ধাৰ কৰি মৰোণত্তৰ পৰীক্ষা কৰাৰ বাবে মৰিগাও অসামৰিক চিকিতসালয়লৈ প্ৰেৰণ কৰিছে। মৰোণত্তৰ পৰীক্ষাৰ প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিছত মহিলা গৰাকীৰ মৃত্য়ুৰ প্ৰকৃত কাৰণ নিৰ্ণয় কৰিব পৰা যাব।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande