
বঙাইগাঁও, ২৬ অক্টোবৰ (হি.স.)। বঙাইগাঁও জিলাৰ মেৰেৰচৰ আৰক্ষীৰ বৃহৎ সফলতা ।ড্ৰাগছ সহ এজন সৰবৰাহকাৰীক আটক। শিমলাবাৰী গাঁৱৰ ২ নং বিকল্প ৰাজ্যিক ঘাইপথৰ দাঁতিত থকা হোটেল এখনৰ সন্মূখৰ পৰা যুৱকক আটক।
যুৱকজনৰ পৰা দুটা চাবোনৰ বাকচত ৪০ গ্ৰাম ড্ৰাগছ জব্দ।আটক হোৱা যুৱকজন বৰপেটা জিলাৰ গৰৈমাৰী গাঁৱৰ গিয়াছ উদ্দিনৰ পুত্ৰ আব্দুল আউয়াল বুলি জানিব পৰা গৈছে। গোপন সূত্ৰৰ ভিত্তিত RFT বঙাইগাঁও আৰু মেৰেৰচৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনিময় তামুলীৰ সহযোগত যৌথভাৱে অভিযান চলাই ড্ৰাগছ সৰবৰাহকাৰী যুৱকজনক আটক কৰিবলৈ সক্ষম হয়। ঘটনাস্থলীত অতিৰিক্ত আৰক্ষী অধীক্ষক Naingha Dei singson উপস্থিত হয়। অধিক তথ্যৰ বাবে আৰক্ষীয়ে আটকাধীন যুৱকজনক থানাত লৈ সোধপোচ অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ