
লখিমপুৰ, ২৬ অক্টোবৰ (হি.স.)। লখিমপুৰত আলফাৰ সৈতে সম্পৰ্ক থকা এজন যুৱকক গ্ৰেপ্তাৰ।
পবিত্ৰ গগৈ(২৫) নামৰ যুৱকজনক অৰুণাচল প্ৰদেশৰ নাহৰলগুনৰ পৰা গ্ৰেপ্তাৰ কৰে লখিমপুৰ আৰক্ষীয়ে।ধৃত যুৱকজনৰ ঘৰ বিহপুৰীয়াৰ জকাইপেলোৱাত।উত্তৰ লখিমপুৰ পি এছ কেছ নং ২৬২/২০২২ৰ অধীনত ১২০(বি)/১২১/১২১(এ) আই পি চি আৰ ডব্লিউ ধাৰা ১০/১৩/১৫(ই)(ক)/১৭/১৮/১৮(খ) ইউ এ(পি) আইন, আৰ ডব্লিউ ধাৰা ৬৬(এফ) আই টি এক্টৰ সৈতে জড়িত থকাৰ বাবে গ্ৰেপ্তাৰ কৰে যুৱকজনক। তেওঁ ৰাষ্ট্ৰ বিৰোধী কাৰ্য্যকলাপৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছিল আৰু নিষিদ্ধ সংগঠন আলফা স্বাধীনত যোগদান কৰিব বিচাৰিছিল। ফেচবুক আৰু হোৱাটছএপৰ জৰিয়তে নিষিদ্ধ সংগঠনৰ সদস্যৰ সৈতে অহৰহ যোগাযোগত থকাৰ তথ্য লাভ কৰিছিল আৰক্ষীয়ে। ধৃত যুৱকজনৰ মোবাইল ফোনত পৰ্যাপ্ত অপৰাধমূলক তথ্য প্ৰমাণ পোৱা গৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ