গুৱাহাটী, ২২ ছেপ্টেম্বৰ (হি.স.)। গুৱাহাটী মহানগৰীৰ দিছপুৰ থানা এলেকাত আৰক্ষীৰ এটা দলে অভিযান চলাই জুৱা খেলৰ আয়োজন কৰাৰ অভিযোগত দুজন লোকক গ্ৰেপ্তাৰ কৰে।
আৰক্ষীয়ে বুধবাৰে জনোৱা মতে, এক গোপন সূত্ৰৰ ভিত্তিত দিছপুৰ থানা এলেকাৰ ভগদত্তপুৰ আৰক্ষী আউটপোষ্টে অভিযান চলাই জুৱা খেলৰ আয়োজন কৰাৰ অভিযোগত জ্যোতিশ্ৰী নগৰ আৰু বাছ ষ্টেণ্ড এলেকাৰ পৰা দুজন লোকক গ্ৰেপ্তাৰ কৰে। ধৃত অভিযুক্ত দুজনৰ নাম ক্ৰমে যোগেশ্বৰ তালুকদাৰ (৫৪) আৰু বাবু শৰ্মা (৪০) বুলি জানিব পৰা গৈছে ।
এই অভিযানত ঝাণ্ডী মুণ্ডী খেলৰ বাবে ব্যৱহাৰ কৰা বিভিন্ন সামগ্ৰীৰ উপৰিও ধৃত অভিযুক্তৰ পৰা নগদ ধন জব্দ কৰা হয়। এই সন্দৰ্ভত আৰক্ষীয়ে জুৱা আইনৰ অধীনত এফআইআৰ ৰুজু কৰি গ্ৰেপ্তাৰ দুয়োজন অভিযুক্তক তীব্ৰ জেৰা অব্যাহত ৰাখিছে।
উল্লেখ্য যে সাধাৰণতে দীপাৱলী উৎসৱৰ সময়ত গুৱাহাটীকে ধৰি বিভিন্ন স্থানত অবৈধ জুৱা খেলৰ আয়োজন কৰা হয়। অধিক ধন ঘটাৰ সম্ভাৱনাত প্ৰলোভিত হৈ মানুহে জুৱা খেলত নিজৰ সাঁচতীয়া ধন বিনিয়োগ কৰে। কিন্তু জুৱাৰ পৰিচালকসকলে ইয়াৰ সুফল লাভ কৰে, আনহাতে সাধাৰণ মানুহে নিজৰ সৰু মূলধন হেৰুৱাই যদিও কোনো অনুশোচনা অনুভৱ নকৰে। বাৰে বাৰে এনে খেলত আবদ্ধ হৈ পৰে। এনে কাৰ্যক দমন কৰিবলৈ আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া