সম্প্ৰতি অনুষ্ঠিত নহয় পুটিনৰ সৈতে ট্ৰাম্পৰ দ্বিতীয়খন শীৰ্ষ সন্মিলন
ৱাশ্বিংটন, ২২ অক্টোবৰ (হি স)। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ দ্বিতীয়খন শীৰ্ষ সন্মিলন আপাততঃ অনুষ্ঠিত নহ’ব। বুডাপেষ্টত অনুষ্ঠিত হ’বলগীয়া আছিল এই বৈঠক খন। মঙলবাৰে প্ৰশাসনৰ এগৰাকী বিষয়াই কয় যে অদূৰ ভ
रूसी राष्ट्रपति पुतिन और अमेरिकी राष्ट्रपति डोनाल्ड ट्रंप। फोटो - फाइल


ৱাশ্বিংটন, ২২ অক্টোবৰ (হি স)। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ দ্বিতীয়খন শীৰ্ষ সন্মিলন আপাততঃ অনুষ্ঠিত নহ’ব। বুডাপেষ্টত অনুষ্ঠিত হ’বলগীয়া আছিল এই বৈঠক খন। মঙলবাৰে প্ৰশাসনৰ এগৰাকী বিষয়াই কয় যে অদূৰ ভৱিষ্যতে দুয়োগৰাকী নেতাৰ মাজত শীৰ্ষ সন্মিলনৰ কোনো পৰিকল্পনা নাই। এই পৰিৱৰ্তন হৈছে বৃহস্পতিবাৰে ট্ৰাম্পে দুসপ্তাহৰ ভিতৰত দুয়োৰে সাক্ষাৎ হ’ব বুলি কোৱা ফোন কলৰ পিছত দিয়া বক্তব্যৰ পিছত।

চিএনএনৰ এক প্ৰতিবেদন অনুসৰি মঙলবাৰে ট্ৰাম্পে কয় যে তেওঁ এই বৈঠকখন “সময়ৰ অপচয়” হোৱাটো নিবিচাৰে। তেওঁ ইংগিত দিছিল যে তেওঁ হয়তো এতিয়াও ৰাছিয়াৰ নেতাগৰাকীৰ সৈতে সাক্ষাৎ কৰিব, তথাপিও তেওঁ ইংগিত দিছিল যে সেয়া আৰু তেওঁৰ শীৰ্ষ অগ্ৰাধিকাৰ নহয়। ৰাষ্ট্ৰপতিগৰাকীয়ে সাংবাদিকৰ আগত কয় যে আমি কি কৰি আছো সেই বিষয়ে অহা দুদিনত আপোনালোকক আপডেট দিম।

যোৱা বৃহস্পতিবাৰে ট্ৰাম্পে কয় যে আমেৰিকা আৰু ৰাছিয়াই “অহা সপ্তাহত আমাৰ উচ্চ পৰ্যায়ৰ উপদেষ্টাসকলৰ বৈঠক হ’ব বুলি একমত হৈছে।” ইয়াৰ পিছতে বিষয়াসকলে আশা প্ৰকাশ কৰিছিল যে বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ই তেওঁৰ ৰাছিয়াৰ সমকক্ষ চাৰ্গেই লাভৰভৰ সৈতে সাক্ষাৎ কৰি ট্ৰাম্প-পুটিন শীৰ্ষ সন্মিলনৰ ভেটি স্থাপন কৰিব।

বিষয়াসকলে কয় যে কূটনৈতিক যোগাযোগো এতিয়া হোৱা নাই । এটা সূত্ৰই জনোৱা মতে, ইউক্ৰেইনত ৰাছিয়াৰ আক্ৰমণৰ সম্ভাৱ্য অন্ত পৰাৰ সন্দৰ্ভত ৰুবিঅ’ আৰু লাভৰভৰ আশা পৃথক পৃথক । সোমবাৰে ৰুবিঅ’ আৰু লাভৰভে ফোনযোগে কথা পাতিছিল। মঙলবাৰে প্ৰশাসনিক বিষয়াই কয় যে ৰুবিঅ’ আৰু লাভৰভৰ মাজত হোৱা কথা-বতৰা ইতিবাচক আছিল। সেয়ে দুয়োৰে মাজত মুখামুখি সাক্ষাৎকাৰৰ প্ৰয়োজন নাই। অদূৰ ভৱিষ্যতে পুটিনৰ সৈতে ৰাষ্ট্ৰপতি ট্ৰাম্পে সাক্ষাৎ কৰাৰ কোনো পৰিকল্পনা নাই ।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande