পিভিএল ২০২৫: কোচি ব্লু স্পাইকাৰছৰ আহমেদাবাদ ডিফেণ্ডাৰছক পৰাস্ত কৰি প্ৰতিযোগিতাখনৰ পৰা বিদায়
দিল্লী, ২১ অক্টোবৰ, (হি.স.)। স্কেপিয়াৰ দ্বাৰা পৰিচালিত আৰ আৰ কেবল প্ৰাইম ভলীবল লীগত আহমেদাবাদ ডিফেণ্ডাৰছৰ বিৰুদ্ধে ৩-১ (১৫-১৩, ১৪-১৬, ১৭-১৫, ১৫-৯) ব্য়ৱধানত জয়লাভ কৰি কোচি ব্লু স্পাইকাৰছে নিজৰ অভিযানৰ অন্ত পেলায়। তাৰকাময় প্ৰদৰ্শনৰ বাবে এৰিন ভাৰ্
पीवीएल 2025


দিল্লী, ২১ অক্টোবৰ, (হি.স.)। স্কেপিয়াৰ দ্বাৰা পৰিচালিত আৰ আৰ কেবল প্ৰাইম ভলীবল লীগত আহমেদাবাদ ডিফেণ্ডাৰছৰ বিৰুদ্ধে ৩-১ (১৫-১৩, ১৪-১৬, ১৭-১৫, ১৫-৯) ব্য়ৱধানত জয়লাভ কৰি কোচি ব্লু স্পাইকাৰছে নিজৰ অভিযানৰ অন্ত পেলায়। তাৰকাময় প্ৰদৰ্শনৰ বাবে এৰিন ভাৰ্গেজক প্লেয়াৰ অৱ দ্য মেচ হিচাপে নিৰ্বাচিত কৰা হয়।

প্ৰথম ছেটত বাতুৰ বাটছুৰীৰ শক্তিশালী চাৰ্ভ আৰু আক্ৰমণৰ বাবে আহমেদাবাদে অগ্ৰগতি লাভ কৰিছিল যদিও কোচিৰ জছজোধ সিঙৰ ছুপাৰ চাৰ্ভ আৰু ব্লকেৰে স্ক’ৰ সমতালৈ আনে। অমৃন্দৰপাল সিঙৰ শক্তিশালী ডিফেন্সে দলটোক প্ৰথম ছেটত জয়লাভ কৰাত সহায় কৰে।

দ্বিতীয় ছেটত এৰিনৰ চোকা চাৰ্ভ আৰু আহমেদাবাদৰ নন্দগোপাল আৰু আখিনৰ কনভাৰ্চনে খেলখন সমতালৈ আনে। অৱশ্যে তৃতীয় ছেটত নিকোলাছ মাৰেচাল আৰু জাছজোধৰ চোকা স্পাইকে কোচিক নিয়ন্ত্ৰণত ৰাখিলে। হেমন্ত আৰু অমৃন্দৰপালৰ নিখুঁত আক্ৰমণ আৰু লিবাৰো এলান আছিকৰ ডিফেন্সিভ খোজে গুৰুত্বপূৰ্ণ পইণ্ট লাভ কৰে।

চতুৰ্থ ছেটত কোচিয়ে হেঁচা প্ৰয়োগ কৰি আৰ্ষক চিনানৰ মিছফাইৰৰ মূলধন হিচাপে লৈ মেচখন জয়ী হয়। এই জয়েৰে কোচি ব্লু স্পাইকাৰছে প্ৰতিযোগিতাখনৰ পৰা নিজৰ অভিযান সামৰণি মাৰে। ইফালে আহমেদাবাদে ইতিমধ্যে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে ।

हिन्दुस्थान समाचार / Manoj Kumar Saikia


 rajesh pande