মানকাচৰৰ ভাৰত বাংলা সীমান্তত জব্দ বৃহৎ পৰিমানৰ নিচাজাতীয় টেবলেট
মানকাচৰৰ ভাৰত বাংলা সীমান্তত জব্দ বৃহৎ পৰিমানৰ নিচাজাতীয় টেবলেট।
মানকাচৰৰ ভাৰত বাংলা সীমান্তত জব্দ বৃহৎ পৰিমানৰ নিচাজাতীয় টেবলেট


দক্ষিণ শালমাৰা মানকাচৰ, ২২ অক্টোবৰ (হি.স.): দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰৰ ভাৰত বাংলা সীমান্তত আৰক্ষীৰ অভিযানত যোৱা কালি মঙলবাৰে বিয়লি বৃহৎ পৰিমানৰ নিচাজাতীয় টেবলেট জব্দ কৰা হয়। এই সন্দৰ্ভত এজন লোকক আটক কৰা হৈছে।

জানিব পৰামতে, আৰক্ষীয়ে মানকাচৰ থানা এলেকাৰ ওকৰাবাৰীত জব্দ কৰে ১৪৪০ টা নিচাজাতীয় টেবলেট। বাইকেৰে ওকৰাবাৰীৰ পৰা মানকাচৰৰ ডাকেৰগাওঁ খনলৈ লৈ যোৱাৰ সময়তে আৰক্ষীয়ে জব্দ কৰে টেবলেট খিনি। এই সন্দৰ্ভত জাইদুল মিঞা নামৰ এজন সৰবৰাহ কাৰীক আৰক্ষীয়ে আটক কৰে। লগতে নিচাজাতীয় টেবলেটখিনি সৰবৰাহ কৰাত ব্য়ৱহাৰ কৰা এমএল ১৪ ৭৬১৭ নম্বৰৰ এখন আপাচী বাইক জব্দ কৰে। ইতিমদ্ধে আটকাধীন লোক জনৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহন কৰি মানকাচৰ আৰক্ষীয়ে সোধপোছ অব্যহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande