শ্বিলং, ২২ অক্টোবৰ (হি.স.)। ভাৰতীয় ছিনিয়ৰ মহিলা ফুটবল দলটোৱে মঙলবাৰে নিশা ত্ৰিকোণীয় মহিলা আন্তঃৰাষ্ট্ৰীয় প্ৰীতি প্ৰতিযোগিতাৰ উদ্বোধনী মেচত ইৰাণৰ হাতত ০-২ গ’লত পৰাস্ত হয় । জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত ইৰাণৰ বিকল্প খেলুৱৈ ছাৰা দিদাৰে দ্বিতীয়াৰ্ধত দুটা গ’ল দি আলহী দলটোক জয়ী কৰায়।
প্ৰথমাৰ্ধত গ’লবিহীন হৈছিল যদিও দ্বিতীয়াৰ্ধত ইৰাণে খেলখন সম্পূৰ্ণৰূপে নিজৰ পক্ষত ঘূৰাই আনে। ৬৪ আৰু ৭৪ মিনিটত দিদাৰে দুবাৰকৈ ভাৰতীয় ডিফেন্স ভাঙি পেলায়।
চলিত বৰ্ষৰ আৰম্ভণিতে ঐতিহাসিক এ এফ চি মহিলা এছিয়ান কাপৰ কোৱালিফায়াৰত তাৰকাময় প্ৰদৰ্শন আগবঢ়োৱা ভাৰতক এই মেচখনত একেবাৰে স্তিমিত দেখা গৈছিল । ইৰাণৰ দলটোৱে আৰম্ভণিৰে পৰাই উচ্চমানৰ সমন্বয় আৰু শাৰীৰিক শক্তি প্ৰদৰ্শন কৰি খেলৰ গতি নিয়ন্ত্ৰণ কৰিছিল।
খেলখনৰ আৰম্ভণিতে চতুৰ্থ মিনিটত গ’লৰক্ষক এলাংবাম পান্থোই চানুৱে বলটো সঠিকভাৱে চম্ভালিব নোৱাৰিলে ভাৰতে বিপদৰ সন্মুখীন হ’বলগীয়া হয়। অৱশ্যে শেষ মুহূৰ্তত ক্লিয়াৰেন্সেৰে ভাৰতক আগতীয়াকৈ হোৱা বিপৰ্যয়ৰ পৰা ৰক্ষা কৰে ফানজৌবাম নিৰ্মলা দেৱীয়ে।
কিন্তু ৬৪ মিনিটত ভাৰতীয় ডিফেন্সে মেলিকা মোটেৱালিতাহেৰৰ নিখুঁত ক্ৰছ মিছ কৰে। জাহৰা ঘনবাৰীৰ হেডাৰে ক্ৰছবাৰত খুন্দা মাৰে আৰু বলটো ছাৰা দিদাৰৰ ওচৰলৈ অহাত নিপুণ কলাত্মক প্ৰচেষ্টাৰে গ’ল দিয়ে।
দহ মিনিটৰ পাছত ৭৪ মিনিটত ৰতনবালা দেৱীৰ ভুলৰ সুযোগ লৈ দিদাৰে লো শ্বটটো নেটত সোমাই দিয়ে।
ভাৰতৰ প্ৰথমটো সঠিক প্ৰচেষ্টা ৮৯ মিনিটত লিণ্ডা কম চেৰটোৰ ফ্ৰী কিক ইৰাণৰ গ’লৰক্ষক ৰাহা ইয়াজদানীয়ে সুন্দৰভাৱে ৰক্ষা কৰে। অতিৰিক্ত সময়ত ইৰাণে তৃতীয়টো গ’ল দিয়াৰ ওচৰ চাপিছিল যদিও ফাতেমেহ শ্বাবান ঘোহৰৌদৰ শ্বটটো পোষ্টত খুন্দা মাৰে।
এতিয়া ২৭ অক্টোবৰত নেপালৰ বিৰুদ্ধে ভাৰতে খেলিব, আনহাতে ২৪ অক্টোবৰত ইৰাণে নেপালৰ বিৰুদ্ধে খেলিব।
ভাৰতৰ আৰম্ভণি একাদশ :
এলাংবাম পান্থোই চানু (গ'লৰক্ষক), ফাঞ্জুবাম নিৰ্মলা দেৱী (কিৰণ পিছাদা ৮৫'), হেমাম ছিলকি দেৱী, সংগীতা বাছফোৰ, নংমাইথেম ৰতনবালা দেৱী, কৰিশ্মা পুৰষ্ত্তম শিৰভোইকাৰ (ৰিম্পা হালদাৰ ৬১'), প্যাৰী জাখা (মালবিকা পি ৬১'), গ্ৰেচ ডাংমেই (কেপ্তেইন) (প্ৰিয়াধৰিনী চেল্লাদুৰাই ৭৮'), সোৰোখাইবাম ৰঞ্জন চানু, মাৰ্টিনা থকচোম (সন্তোছ ৮৫'), লিণ্ডা কম চেৰটো।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া