শিৱসাগৰত চুৰীকাঘাটত আহত দুজন যুৱক
শিৱসাগৰত ভয়ংকৰ ঘটনা ।
শিৱসাগৰত চুৰীকাঘাটত আহত দুজন যুৱক


শিৱসাগৰ, ২২ অক্টোবৰ (হি.স.): শিৱসাগৰত যোৱা কালি মঙলবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ ঘটনা । যুৱকৰ চুৰীকাঘাটত আহত হয় আন দুজন যুৱক । শিৱসাগৰ নগৰৰ ষ্টেচন চাৰিআলিত সংঘটিত হৈছে এই চুৰীকাঘাটৰ ঘটনা ।

প্ৰাপ্ত তথ্য়মতে, পৰীক্ষিত ডেকা নামৰ যুৱকজনে চুৰীৰে আক্ৰমণ কৰে আন দুজন যুৱকক । আক্ৰমণত আহত হয় আন দুজন যুৱক । পৰীক্ষিত ডেকা নামৰ যুৱকজনে অশ্লীল শব্দ ব্যৱহাৰ কৰি গালি গালাজ কৰি থকাত বাধা দিয়াৰ বাবেই আন দুজন যুৱকক তেওঁ চুৰীৰে আক্ৰমণ কৰে । ইফালে স্থানীয় লোকৰ তৎপৰতাত যুৱক দুজন ৰক্ষা পৰে যদিও দুয়োজনেই আঘাতপ্ৰাপ্ত হয় । স্থানীয় লোকে পৰীক্ষিত ডেকাক উত্তম মাধ্যম সোধাই আৰক্ষীক গতাই দিয়ে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande