নগাঁৱত মহিলা উদ্যোগীকৰণ অভিযানৰ অধীনত মুখ্যমন্ত্ৰীৰ চেক বিতৰণ তথা কেইবাখনো উন্নয়নমূলক আঁচনিৰ শুভাৰম্ভ
নগাঁও, ২২ অক্টোবৰ (হি.স.)। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে আজি নগাঁওবাসীৰ বাবে বিশেষ তাৎপৰ্যপূৰ্ণ দিন, যিটো জিলাখনৰ সৰ্বাংগীন উন্নয়নৰ প্ৰতীক হৈ পৰিব। ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰি মুখ্যমন্ত্রী শৰ্মাই কয় যে মুখ্যমন্ত্রী
मुख्यमंत्री डॉ हिमंत बिस्व सरमा द्वारा साझा तस्वीर।


নগাঁও, ২২ অক্টোবৰ (হি.স.)। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে আজি নগাঁওবাসীৰ বাবে বিশেষ তাৎপৰ্যপূৰ্ণ দিন, যিটো জিলাখনৰ সৰ্বাংগীন উন্নয়নৰ প্ৰতীক হৈ পৰিব।

ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰি মুখ্যমন্ত্রী শৰ্মাই কয় যে মুখ্যমন্ত্রীৰ মহিলা উদ্যোগীকৰণ অভিযানৰ অধীনত আজি মহিলা উদ্যোগীসকলক বীজ মূলধন হিচাপে চেক বিতৰণ কৰা হ’ব৷ লগতে জিলাখনৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু উৎসৰ্গা কৰাৰ কথাও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।

ড০ শৰ্মাই কয় যে এই আঁচনিসমূহে নগাঁও জিলাৰ অগ্ৰগতি আৰু মহিলা সবলীকৰণত নিশ্চিতভাৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

মুখ্যমন্ত্রীৰ মহিলা উদ্যোগীকৰণ অভিযানৰ অধীনত মহিলা উদ্যোগীসকলক বীজ মূলধন হিচাপে চেক বিতৰণৰ কার্যসূচী ইতিমধ্যে ৰাজ্যৰ অন্যান্য জিলাতো আৰম্ভ হৈছে ৷ মুখ্যমন্ত্রী ড০ শর্মাই জিলাভিত্তিক এই আঁচনিখন নিৰন্তৰ উদ্বোধন কৰি আছে৷ এই আঁচনিৰ দ্বাৰা মহিলাসকলে যথেষ্ট উপকৃত হৈছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande