গুৱাহাটী, ২২ অক্টোবৰ (হি.স.)। অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক জন্মদিনৰ উষ্ম শুভেচ্ছা জ্ঞাপন কৰি তেওঁৰ নেতৃত্ব, দৃষ্টিভংগী, সাংগঠনিক দক্ষতাক প্রশংসা কৰে৷
মুখ্যমন্ত্ৰীয়ে ছ’চিয়েল মিডিয়াত লিখিছে, “মোৰ পথ প্ৰদৰ্শক আৰু প্ৰেৰণাৰ উৎস, যিয়ে আমাক প্ৰতিটো পৰিস্থিতিত আগুৱাই যোৱাৰ পথ দেখুৱাইছিল—শ্ৰদ্ধাৰ অমিত শ্বাহজীক জন্মদিনৰ শুভেচ্ছা জনালোঁ।”
তেওঁ কয় যে অমিত শ্বাহৰ তীক্ষ্ণ দৃষ্টিভংগী আৰু সাংগঠনিক দক্ষতাই তেওঁক ভাৰতৰ শীৰ্ষ নেতাৰ মাজত প্ৰতিষ্ঠা কৰিছে। মুখ্যমন্ত্রী শৰ্মাই কয়, তেওঁৰ পথ প্ৰদৰ্শন, সমৰ্থন, আৰু সময়োপযোগী পদক্ষেপে আমাক সদায় অসমৰ প্ৰতিটো বিশেষ পৰিস্থিতিত শক্তিশালী কৰি আহিছে।
মুখ্যমন্ত্ৰীয়ে আৰু লিখিছে, তেওঁৰ জীৱনৰ এই বিশেষ দিনটোত মা কামাখ্যা আৰু শ্ৰীমন্ত শংকৰদেৱৰ ওচৰত প্ৰাৰ্থনা কৰিছো যাতে তেওঁক চিৰদিনৰ বাবে সুস্থ কৰি ৰাখক আৰু ভাৰত মাতৃৰ সেৱাৰ শক্তি প্ৰদান কৰক।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া