পঞ্জাৱত সন্ত্ৰাসবাদী আক্ৰমণৰ চক্ৰান্ত বিফল, ৰকেট চালিত গ্ৰেনেডসহ ধৃত ২
চণ্ডীগড়, ২১ অক্টোবৰ (হি.স.)। পঞ্জাৱ আৰক্ষীয়ে বৃহৎ অপৰাধমূলক চক্ৰান্ত বিফল কৰি অমৃতসৰত দুজন যুৱকক গ্ৰেপ্তাৰ কৰিছে আৰু তেওঁলোকৰ জিম্মাৰ পৰা ৰকেট চালিত গ্ৰেনেড (আৰ পি জি) উদ্ধাৰ কৰিছে। মঙলবাৰে আৰক্ষী সঞ্চালক প্ৰধান গৌৰৱ যাদৱে কয় যে কেন্দ্ৰীয় সংস
पंजाब पुलिस द्वारा बरामद आरपीजी


চণ্ডীগড়, ২১ অক্টোবৰ (হি.স.)। পঞ্জাৱ আৰক্ষীয়ে বৃহৎ অপৰাধমূলক চক্ৰান্ত বিফল কৰি অমৃতসৰত দুজন যুৱকক গ্ৰেপ্তাৰ কৰিছে আৰু তেওঁলোকৰ জিম্মাৰ পৰা ৰকেট চালিত গ্ৰেনেড (আৰ পি জি) উদ্ধাৰ কৰিছে।

মঙলবাৰে আৰক্ষী সঞ্চালক প্ৰধান গৌৰৱ যাদৱে কয় যে কেন্দ্ৰীয় সংস্থাসমূহৰ সহযোগত চলোৱা চোৰাংচোৱা অভিযানত অমৃতসৰৰ পৰা দুজন সন্দেহযুক্ত সন্ত্ৰাসবাদী মেহকদীপ সিং ওৰফে মেহক আৰু আদিত্য ওৰফে আধিক গ্ৰেপ্তাৰ কৰা হৈছে। ডিজিপিয়ে কয় যে প্ৰাথমিক তদন্তত দুয়োজন পাকিস্তানৰ চোৰাংচোৱা সংস্থা আইএছআইৰ এজন অপাৰেটিভৰ সংস্পৰ্শত আছিল আৰু তেওঁ তেওঁলোকক বিপজ্জনক অস্ত্ৰটো যোগান ধৰিছিল। ফিৰোজপুৰ কাৰাগাৰত বন্দী হৈ থকা হৰপ্ৰীত সিং ওৰফে বিকিৰ সৈতেও তেওঁলোকৰ যোগাযোগ আছিল।

আৰক্ষীৰ মতে, পাকিস্তানী হেণ্ডলাৰৰ নিৰ্দেশত পৰিকল্পিত সন্ত্ৰাসবাদী আক্ৰমণত ব্যৱহাৰ কৰাৰ উদ্দেশ্য আছিল এই আৰ পি জি। অমৃতসৰৰ ঘৰিন্দা থানাত এফআইআৰ ৰুজু হৈছে, আৰু সমগ্ৰ নেটৱৰ্ক উন্মোচনৰ বাবে তদন্ত চলি আছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande